Assamese জেইলৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ নলবাৰী জিলা কাৰাগাৰৰ জেইলৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। জেইলৰ জ্যোতি প্ৰকাশ শৰ্মাৰ বিৰুদ্ধে ১৮গৰাকী কৰ্মচাৰীৰ বিস্ফোৰক অভিযোগ। কাৰাগাৰ মহাপৰিদৰ্শকলৈ বিস্ফোৰক অভিযোগ পত্ৰ জে’লৰ কৰ্মচাৰীৰ। জেইলৰ জ্যোতি প্ৰকাশ শৰ্মাৰ বিৰুদ্ধে দুৰ্নীতি-অনিয়মৰ অভিযোগ।
Assamese অৰুণাচলী দুৰ্বৃত্তৰ সন্ত্ৰাস! লখিমপুৰৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তত উত্তেজনা। অসম-অৰুণাচল সীমান্ত চেঁচা ৰাজগড়ত নিশা অৰুণাচলী লোকৰ তাণ্ডৱ চলোৱাৰ অভিযোগ। এটি পৰিয়ালক আক্ৰমণ অৰুণাচলী যুৱকৰ। ২জন লোক গুৰুতৰভাৱে আহত।
Assamese আমেৰিকাত উজলিল অসমৰ জীয়ৰী আমেৰিকাত উজলিল অসমৰ জীয়ৰী। ডিব্ৰুগড়ৰ টিংখাঙৰ ষ্টেফী গগৈৰ শিৰত 'মিছ গ্ল’বেল এছিয়া ২০২৫'ৰ খিতাপ। ৩০ নৱেম্বৰত ৱাশ্বিংটনত অনুষ্ঠিত Empowering Global Women's Festivalত অংশ লৈ ষ্টেফীৰ এই সুনাম।
Assamese ঘপিয়াই হত্যা পত্নীসহ ২ কন্যা সন্তানক এটা ভয়ংকৰ হত্যাকাণ্ডই জোকাৰি গ’ল সমগ্ৰ ধিং। পাষণ্ড পিতৃয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে ২ কন্যাসহ পত্নীক। ধিঙৰ শল’গুৰিৰ কাছকাটিত সংঘটিত এই নৃশংস হত্যাকাণ্ডটো। বৃহস্পতিবাৰে নিশা প্ৰায় ১ মান বজাত সংঘটিত এই ভয়ংকৰ ঘটনা।
Assamese মনোৰঞ্জনৰ আহিলা নেকি অখিল গগৈ? মুখ্যমন্ত্ৰীৰ কটাক্ষ অখিল গগৈৰ এতিয়া বিগ ফেন হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিশা আজৰি হ’লেই অখিল গগৈৰ ফেচবুক চায় মুখ্যমন্ত্ৰীয়ে। শেহতীয়াকৈ জুবিন গাৰ্গৰ চাৰ্জশ্বীটক লৈ ঘনে ঘনে ফেচবুক লাইভ অহা অখিল গগৈক টেনশ্যনৰ মেডিচিন আখ্যা মুখ্যমন্ত্ৰীৰ'।
Assamese কোন ওছমান হাদী? যাৰ মৃত্যুত জ্বলিছে বাংলাদেশ পুনৰ অশান্ত বাংলাদেশ। ওচমান হাদিৰ মৃত্যুৰ খবৰৰ পাছতেই পুনৰ বাংলাদেশত সৃষ্টি হৈছে হিংসাত্মক পৰিস্থিতিৰ। বাংলাদেশৰ প্ৰান্তে প্ৰান্ত প্ৰতিবাদকাৰীৰ মুখত শ্বেইখ হাছিনা আৰু ভাৰত বিৰোধী শ্ল'গান।
Assamese নিলাজ! বহিঃৰাষ্ট্ৰত ভিক্ষা খোজা ৫১ হাজাৰ পাকিস্তানীক বিতাড়ন আন্তঃৰাষ্ট্ৰীয় ভিক্ষাৰীৰ খ্যাতি অৰ্জন কৰিছে পাকিস্তানে। এইবাৰ ভিক্ষাৰীৰ অভিযোগত ভিন্ন দেশৰ পৰা বিতাড়ন হ'ল ৫১ হাজাৰ পাকিস্তানী। এই তথ্য প্ৰকাশ পোৱাৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আকৌ এবাৰ নাক কটা গ'ল পাকিস্তানৰ।
Assamese প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণত ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব নামৰূপবাসী ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে নামৰূপ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলান্যাস কৰিব বহু প্ৰত্যাশিত নামৰূপ সাৰ কাৰখানাৰ নতুন ইউৰিয়া প্ৰকল্পৰ। প্ৰায় ১১ হাজৰ কোটি টকা ব্যয়ৰে ১২ লাখ মেট্ৰিকটন ইউৰিয়া উৎপাদনক্ষম প্ৰকল্প প্ৰস্তুত হ'ব নামৰূপত।
Assamese চিন্তনীয়! দ্ৰুতগতিত ভাৰতীয়ই ত্যাগ কৰিছে নাগৰিকত্ব দ্ৰুতগতিত ভাৰতীয় লোকে ত্যাগ কৰিছে নিজৰ নাগৰিকত্ব। শেহতীয়াকৈ লোকসভাত চৰকাৰে দাখিল কৰা পৰিসংখ্যাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। বিগত ৫ বছৰত প্ৰায় ১০ লাখ ভাৰতীয়ই ত্যাগ কৰিছে নিজৰ নাগৰিকত্ব। কিন্তু প্ৰশ্ন হৈছে কিয় ভাৰতীয় মানুহে নিজৰ নাগৰিকত্ব ত্যাগ কৰিছে ?
Assamese খং উঠিল যশপ্ৰীত বুমৰাহৰ, কাঢ়ি নিলে অনুৰাগীৰ ফোন লক্ষ্ণৌ বিমানবন্দৰত খং উঠিল তাৰকা ক্ৰিকেটাৰ যশপ্ৰীত বুমৰাহৰ। অনুমতি নিদিয়াৰ পাছতো ভিডিঅ’ বনোৱা অনুৰাগীৰ ফোন কাঢ়ি নিলে বুমৰাহে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।