Assamese পহলগাম কাণ্ডৰ দৰেই নৰসংহাৰ! সন্ত্ৰাসবাদী পিতা–পুত্ৰৰ নিৰ্বিচাৰ গুলীচালনা এটা ধৰ্মীয় লোকক বাচি বাচি হত্যা। ছিডনীত পাকিস্তানমূলৰ পিতা–পুত্রই সংঘটিত কৰিলে পহলগামৰ দৰে ভয়ংকৰ আক্ৰমণ। ছিডনীৰ গুলীচালনাত নিহতৰ সংখ্যা ১৬লৈ বৃদ্ধি।
Assamese পহলগামত ২৬ নিৰীহৰ প্ৰাণ লোৱা সন্ত্ৰাসবাদীক সহায় কৰিছিল কোনে? দেশ জোকৰা জম্মু-কাশ্মীৰৰ পহলগাম কাণ্ডৰ চাৰ্জশ্বীট দাখিল। বাইচৰণ ভেলীত ২৬ নিৰীহৰ প্ৰাণ লোৱা সন্ত্ৰাসবাদীক কোনে সহায় কৰিছিল? অপাৰেশ্যন সিন্দূৰ আৰু অপাৰেশ্যন মহাদেৱৰ পিছত এই চাৰ্জশ্বীটতে সমাপ্ত নেকি পহলগাম কাণ্ডৰ তদন্ত?
Assamese গুৱাহাটীলৈ আহি আছে সিদ্ধাৰ্থ, শ্যামকানু! আহিব নেকি শেখৰজ্যোতি, অমৃতপ্ৰভাও? পুনৰ গুৱাহাটীলৈ আহি আছে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তহত! আহিব শ্বেখৰজ্যোতি অমৃতপ্ৰভা মহন্তও! এতিয়া বিপাঙত পৰিছে চৰকাৰ আৰক্ষী। আকৌ হ'ব নেকি কিবা অপ্ৰীতিকৰ পৰিস্থিতি?
Assamese নিমখ খাই গাদ্দাৰী কৰিছে কংগ্ৰেছে! ’২৬ৰ নিৰ্বাচনত প্ৰত্যুত্তৰ দিব সংখ্যালঘুৱে! কংগ্ৰেছ-AIUDF-এ নহয়, ’২৬ত সংখ্যালঘুৰ ভোট লাগিব বিজেপিকো। বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যত জমি উঠিছে সংখ্যালঘুৰ ৰাজনীতি। লক্ষ্যণীয়ভাৱে বিজেপিৰ সুৰতে কংগ্ৰেছক আক্ৰমণ আৰম্ভ কৰিছে AIUDF-এ।
Assamese চিকিৎসাৰ অভাৱত কৰুণ মৃত্যু ডেৰমহীয়া শিশুৰ মাৰ্ঘেৰিটাত চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি চিকিৎসক নাপাই কৰুণ মৃত্যুক আঁকোৱালি ল'লে এটি ডেৰমহীয়া শিশুৱে। সঠিক সময়ত চিকিৎসা নাপাই মৃত্যু হোৱাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ।
Assamese মুছলমান যুৱকৰ দুঃসাহসিকতা, সন্ত্ৰাসবাদীৰ হাতৰ পৰা কাঢ়ি আনিলে বন্দুক সন্ত্ৰাসবাদীৰ হাতৰ পৰা বন্দুক কাঢ়ি মুছলমান যুৱকৰ দুঃসাহসিকতা। সাহসী আহমদ আল আহমদে প্ৰাণ ৰক্ষা কৰিলে শ শ লোকৰ। দেওবাৰে অষ্ট্ৰেলিয়াৰ ছিডনীত সন্ত্ৰাসবাদীয়ে চলোৱা নৰসংহাৰত আহমদৰ বীৰত্ব।
Assamese দুয়োখন ভৰি হেৰুৱাইয়ো ভাগৰি নপৰা নাচিম আলী বুকুত অদম্য সাহস আৰু কাৰোবাৰ প্ৰতি থকা অফুৰন্ত ভালপোৱা থাকিলে সাধাৰণতে অসাধ্য বুলি ভৱা কামো সহজ কৰি তুলিব পাৰে কিছুমান লোকে। দুয়োখন ভৰি হেৰুৱাইয়ো ভাগৰি নপৰা এজন বিশেষভাৱে সক্ষম যুৱকে আন বহুজনে অসাধ্য বুলি ভৱা কাম কৰি বহু জনৰ হৃদয় জিনিবলৈ সক্ষম হৈছে।
Assamese "কা"ৰ অধীনত অসমত দুই বাংলাদেশী নাগৰিকে পুনৰ পালে ভাৰতীয় নাগৰিকত্ব "কা"ৰ অধীনত অসমত পুনৰ দুই বাংলাদেশী নাগৰিকে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব। শ্ৰীভূমি জিলাৰ বদৰপুৰৰ এগৰাকী মহিলাই নাগৰিকত্ব লাভ কৰাৰ লগতে শিলচৰৰো এজন লোকে পালে ভাৰতীয় নাগৰিকত্ব। "কা"ৰ অধীনত অসমত এইপৰ্যন্ত ৪ বাংলাদেশী হিন্দুৱে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব।
Assamese কুলেন্দ্ৰ শৰ্মাই পাকিস্তানক দিছিল ভাৰতৰ বহু স্পৰ্শকাতৰ তথ্য আৰু নথি-পত্ৰ পাকিস্তানৰে লিংক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কুলেন্দ্ৰ শৰ্মা নামৰ এজন। গ্ৰেপ্তাৰ হোৱা কুলেন্দ্ৰ শৰ্মা বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া। দীৰ্ঘদিনে ধৰি পাকিস্তানৰ সৈতে সম্পৰ্ক থকা কুলেন্দ্ৰ শৰ্মাই পাকিস্তানক যোগান ধৰি আহিছিল স্পৰ্শকাতৰ তথ্য আৰু নথি-পত্ৰ।
Assamese PMAY ঘৰ, অৰুণোদয়ৰ আঁচনিৰ নামত সংগ্ৰহ হাজাৰ হাজাৰ টকা চৰকাৰী আঁচনিৰ নামত ধন লোৱাক লৈ ৰূপহীত উত্তপ্ত পৰিস্থিতি। হাতীযুঁজুৱা গাঁও পঞ্চায়তৰ চৌহদত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট। ক্ষুব্ধ লোকে প্ৰহাৰ কৰে ৱাৰ্ড সদস্যাৰ স্বামীক। PMAY ঘৰ, অৰুণোদয়ৰ আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ ৱাৰ্ড সদস্যাৰ বিৰুদ্ধে।