Advertisment

অবৈধ আফিং খেতি কৰি গ্ৰেপ্তাৰ হ'ল বিজেপি নেতা!

ছত্তিশগড়ৰ দুৰ্গ জিলাত আফিং খেতি কৰি গ্ৰেপ্তাৰ হ'ল বিজেপি নেতা। ঘটনা পোহৰলৈ অহাৰ লগে লগে বিজেপিয়ে তাৎক্ষণিকভাৱে বিজেপি নেতাগৰাকীক দলৰ পৰা নিলম্বন কৰিলে।

 Photograph: (the indian express)
Photograph: (the indian express)

অবৈধ আফিং খেতি কৰি গ্ৰেপ্তাৰ হ'ল বিজেপি নেতা!


ছত্তিশগড়ৰ দুৰ্গ জিলাত আফিং খেতি কৰি গ্ৰেপ্তাৰ হ'ল বিজেপি নেতা। ঘটনা পোহৰলৈ অহাৰ লগে লগে বিজেপিয়ে তাৎক্ষণিকভাৱে বিজেপি নেতাগৰাকীক দলৰ পৰা নিলম্বন কৰিলে।

Advertisment

  Also Read ....প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই এখন বিহু সন্মিলনে ল'লে ডাঙৰ সিদ্ধান্ত

ঘটনা ছত্তিশগড়ৰ দুৰ্গ জিলাৰ। বিনায়ক তামৰাকাৰ নামৰ এজন বিজেপি নেতাই ঘৰৰে কুঁহিয়াৰৰ খেতিৰ মাজত লুকুৱাই আফিং খেতি কৰাৰ অভিযোগ উঠিছিল। তাৰপাছতেই আৰক্ষীৰ অভিযানত নেতাগৰাকীৰ লগতে আৰু দুজন সহযোগীক শনিবাৰে গেপ্তাৰ কৰা হয়। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে  বিনায়ক তামৰাকাৰক বিজেপিয়ে তাৎক্ষণিকভাৱে দলৰ পৰা নিলম্বন কৰে।

ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত খবৰ অনুসৰি, ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ভূপেশ বাঘেলে সামাজিক মাধ্যমত এই খেতিৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছিল। ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিছতেই সমগ্ৰ বিষয়টো ৰাজহুৱা হয়। বিষয়টো ৰাজহুৱা হোৱাৰ পিছতেই আৰক্ষীয়ে ঘটনাটো অধিক গুৰুত্বসহকাৰে লয় আৰু অভিযান আৰম্ভ কৰে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত বিনায়ক তামৰাকাৰ বিজেপি কিষাণ মৰ্চাৰ এগৰাকী দায়িত্বশীল বিষয়া হিচাপে জড়িত আছিল। তেওঁৰ নেতৃত্বত দুৰ্গ জিলাৰ বিভিন্ন গাঁৱৰ মাজত থকা পথাৰত অতি গোপনে আফিং খেতি চলাই অহা হৈছিল।

Advertisment

Also Read ....দুলীয়াজানত চাঞ্চল‍্যকৰ ডকাইতি


আৰক্ষীয়ে অভিযান চলাই কুঁহিয়াৰৰ খেতিৰ মাজত লুকুৱাই ৰখা অৱস্থাত বৃহৎ পৰিমাণৰ আফিং গছ উদ্ধাৰ কৰে। আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে এই অবৈধ খেতিৰ বাবে অইন ঠাইৰ পৰা শ্ৰমিক অনা হৈছিল। আৰক্ষীয়ে জব্দ কৰা এই আফিংখিনিৰ বজাৰ মূল্য প্ৰায় ৮ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। এই অভিযানত নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰ', ফৰেনছিক বিশেষজ্ঞ, আবকাৰী আৰু ৰাজহ বিভাগৰ এটা যুটীয়া দল জড়িত আছিল।

বিজেপি নেতা তামৰাকাৰৰ উপৰিও এই ঘটনাত জড়িত থকাৰ অভিযোগত বিকাশ বিষ্ণয় আৰু মনীষ ঠাকুৰ নামৰ আন দুজন লোককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইফালে, প্ৰাক্তন মুখ্য়মন্ত্ৰী তথা কংগ্ৰেছ নেতা ভূপেশ বাঘেলে অভিযোগ তুলি কয় যে,  বিনায়ক তামৰাকাৰ প্ৰভাৱশালী মন্ত্ৰী আৰু বিষয়াৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে, যাৰফলত এনেদৰে অবৈধ খেতি কৰাৰ পাছতো প্ৰশাসনে গম পোৱা নাছিলে। বিজেপি নেতাগৰাকীৰ এনে কাণ্ডক লৈ এতিয়া সমগ্ৰ ৰাজ্যখনত ব্যাপক চৰ্চা চলিছে। ক্ষমতাৰ বলত চৰকাৰী দলৰ নেতা এতিয়া নামি পৰিছে অবৈধ আফিং খেতিৰ বেহাত। 

Also Read ...'HISTORY REPEAT, HISTORY DEFEAT', টি-২০ বিশ্বকাপত চেম্পিয়ন টীম ইণ্ডিয়া

Advertisment

Advertisment
Advertisment