Advertisment

ঘৰৰ পৰাই হোৱাটছএপ কৰি লাভ কৰক চৰকাৰী নথি! চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

চৰকাৰে জনতাক দিলে ভাল খবৰ। হোৱাটছএপ কৰিয়েই লাভ কৰক জন্ম, জাতি, আৰু বিবাহৰ প্ৰমাণ পত্ৰ, সম্পত্তি কৰ, আৰু ড্ৰাইভিং লাইচেন্স। যাব নালাগে চৰকাৰী কাৰ্যালয়, পাতিব নালাগে শাৰী...

 Photograph: (file)
Photograph: (file)

হোৱাটছএপ কৰি ঘৰতেই লাভ কৰক চৰকাৰী নথি-পত্ৰ...

এতিয়াৰে পৰা চৰকাৰী কামৰ বাবে কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাই। আপুনি ঘৰতে বহি লাভ কৰক প্ৰয়োজনীয় সকলো নথি। স্মাৰ্ট ফোন ব্যৱহাৰকাৰীসকলে কেৱল কৰক হোৱাটছএপ। অফিচ নোযোৱাকৈ ঘৰৰ পৰাই হোৱাটছএপ কৰি সম্পাদন কৰিব পাৰিব আপোনাৰ চৰকাৰী কাম! প্ৰয়োজনীয় জন্মৰ প্ৰমাণ পত্ৰ, বিবাহৰ প্ৰমাণ পত্ৰ, জাতিৰ প্ৰমাণ পত্ৰ, সম্পত্তিৰ কৰ পৰিশোধ, আৰু বহুতো চৰকাৰী সেৱা বা কাম। জনতাৰ সহায় হোৱাকৈ চৰকাৰে পুনৰ আন এক বিশেষ পদক্ষেপ হাতত লৈছে। চৰকাৰে শীঘ্ৰেই আৰম্ভ কৰিবলৈ গৈছে Governance Through WhatsApp, বা WhatsApp Governance নামৰ এক নতুন পদক্ষেপ। চৰকাৰে লোৱা এই পদক্ষেপ বা নতুন আঁচনিয়ে প্ৰতিগৰাকী লোকৰ সময় বচোৱাৰ লগতে প্ৰয়োজনীয় সকলো কাম ঘৰৰ পৰাই আৱেদন কৰিব পাৰিব। 

Advertisment

also read: কফিয়ে প্ৰতিৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ। জানিলে আপুনিও হ'ব আচৰিত।

চৰকাৰে লোৱা এই সিদ্ধান্তৰ পিছতে উত্ফুল্লিত হৈ পৰিছে জনতা। কিয়নো বহু সময়ত চৰকাৰী কামৰ বাবে চৰকাৰী কাৰ্যালয়লৈ তাঁতবাতি কৰিব লগীয়া হয় জনতাই। কেতিয়াবা চৰকাৰী কৰ্মচাৰীৰ কঠোৰ মন্তব্য অভব্য আচৰণ, লগতে দেওবাৰ, শনিবাৰ বুলি চৰকাৰী কাৰ্যালয় বন্ধ থাকোতেও সমস্যাত পৰে আৱেদনকাৰী। ফলত সময়ৰ কাম সময়ত কৰিব নোৱাৰে সাধাৰণ জনতাই। কিন্তু এতিয়াৰ পৰা এই সমস্যা আৰু নাথাকিব।

এতিয়া হয়তো আপোনাৰ মনত প্ৰশ্ন উত্থাপন হ'ব যে কেনেকৈ হোৱাটছএপৰ জৰিয়তে আপুনি চৰকাৰী নথি-পত্ৰৰ বাবে আৱেদন কৰিব পাৰিব? যদি আপুনি হোৱাটছএপ ব্যৱহাৰকাৰী নহয় তেন্তে এই কাম আপোনাৰ বাবে উপযোগী হ'ব জানো? চৰকাৰে লোৱা এই সিদ্ধান্ত বা প্ৰক্ৰিয়া আচলতে কি হ'ব? জানি লওক A-Z তথ্য...

শেহতীয়াকৈ দিল্লী চৰকাৰে জনতাৰ উপযোগীকৈ এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দিল্লী চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ একাংশ কাম-কাজ জনতাই ঘৰতে বহি কৰিব পাৰিব। মূলত দিল্লীৰ বহু চৰকাৰী কাম এতিয়া হোৱাটছএপৰ জৰিয়তে সম্পূৰ্ণ কৰিব পৰা যাব। ইয়াৰ ফলত চৰকাৰী কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজনীয়তা নাইকিয়া হ’ব।

also read: কোনো জুবিন অনুৰাগীয়ে এইবাৰ বিজেপিক ভোট নিদিয়ে বুলি মন্তব্য ৰাজেন গোহাঁইৰ

এই সুবিধাৰ অধীনত জনতাৰ বাবে দিল্লী চৰকাৰে এটা নিৰ্দিষ্ট হোৱাটছএপ নম্বৰ মুকলি কৰিব। জনতাই কেৱল নিজৰ স্মাৰ্টফোনত সেই বিশেষ নম্বৰটো চেভ কৰি এটা ‘হাই’ মেছেজ পঠিয়াব লাগিব। তাৰ পিছত এটা AI-চালিত চেটবটে তেওঁলোকৰ সৈতে কথা পাতিব আৰু তেওঁলোকক প্ৰয়োজনীয় সেৱা নিৰ্বাচন কৰাত সহায় কৰিব। মানুহে প্ৰয়োজনীয় নথি-পত্ৰ আপলোড কৰিব পাৰিব, অনলাইন পেমেণ্ট কৰিব পাৰিব, আৰু একেটা মাধ্যমৰ জৰিয়তে জনতাই তেওঁলোকৰ আবেদনৰ স্থিতি পৰীক্ষা কৰিব পাৰিব।

also read: কৰ্মৰত প্ৰতিগৰাকী মহিলাই বছৰি লাভ কৰিব দৰমহাযুক্ত ১২টাকৈ ঋতুস্ৰাৱৰ ছুটী

এই পদক্ষেপৰ প্ৰথম পৰ্যায়ত জন্ম, জাতি, আৰু বিবাহৰ প্ৰমাণ পত্ৰ, সম্পত্তি কৰ, আৰু ড্ৰাইভিং লাইচেন্সৰ সৈতে জড়িত সেৱাসমূহ অন্তৰ্ভুক্ত কৰা হ’ব বুলি ইতিমধ্যে জানিব পৰা গৈছে। পৰৱৰ্তী পৰ্যায়ত প্ৰতিখন জিলা আৰু অন্যান্য বিভাগীয় পৰ্টেলৰ সৈতেও সংযোগ কৰা হ’ব, যাৰ ফলত হোৱাটছএপত প্ৰায় ৫০টা চৰকাৰী সেৱা উপলব্ধ হ’ব।

also read: আজি কৰৱা চৌথ, স্বামীৰ দীৰ্ঘায়ুৰ বাবে দেশজুৰি হিন্দু বিবাহিত মহিলাসকলে পালন কৰিছে কৰৱা চৌথ

দিল্লী চৰকাৰে হাতত লোৱা এই ডিজিটেল ব্যৱস্থাটো সম্পূৰ্ণ নিৰাপদ হ’ব দাবী কৰিছে। নিৰাপত্তা আৰু গোপনীয়তা নিশ্চিত কৰাৰ বাবে চৰকাৰে সৰ্বোচ্চ যত্ন লৈছে। চেটবটত আপলোড কৰা সকলো নথিপত্ৰ সুৰক্ষিত হ'ব বুলি দাবী চৰকাৰৰ।