Advertisment

২২ গজৰ মহাৰণত পুনৰ সমুখ সমৰত ভাৰত পাকিস্তান

মহিলা বিশ্বকাপৰ আটাইতকৈ ৰোমাঞ্চকৰ আৰু প্ৰত্যাশিত মেচখনৰ বাবে সাজু ২২ গজ। এই দেওবাৰে, ৫ অক্টোবৰত, কলম্বোৰ আৰ. প্ৰেমদাছা ষ্টেডিয়ামত হৰমনপ্ৰীত কৌৰৰ নেতৃত্বাধীন ভাৰতীয় মহিলা দলে চিৰ-প্ৰতিদ্বন্দী পাকিস্তানৰ মুখামুখি হ'ব

 ২২ গজৰ মহাৰণত পুনৰ সমুখ সমৰত ভাৰত পাকিস্তান Photograph: (DY365)
২২ গজৰ মহাৰণত পুনৰ সমুখ সমৰত ভাৰত পাকিস্তান Photograph: (DY365)

২২ গজৰ মহাৰণত পুনৰ সমুখ সমৰত ভাৰত পাকিস্তান....

মহিলা বিশ্বকাপৰ আটাইতকৈ ৰোমাঞ্চকৰ আৰু প্ৰত্যাশিত মেচখনৰ বাবে সাজু ২২ গজ। এই দেওবাৰে, ৫ অক্টোবৰত, কলম্বোৰ আৰ. প্ৰেমদাছা ষ্টেডিয়ামত হৰমনপ্ৰীত কৌৰৰ নেতৃত্বাধীন ভাৰতীয় মহিলা দলে চিৰ-প্ৰতিদ্বন্দী পাকিস্তানৰ মুখামুখি হ'বআইচিচি মহিলা বিশ্বকাপত ৫ অক্টোবৰত অনুস্থিত হ'ব ভাৰত বনাম পাকিস্তানৰ হাইভল্টেজ মেচ। শ্ৰীলংকাৰ কলম্বোৰ আৰ. প্ৰেমদাছা ষ্টেডিয়ামত মহিলা বিশ্বকাপৰ ভাৰতৰ এখন লীগ খেল পাকিস্তানৰ লগত হ'ব। নিৰাপত্তা জনিত কাৰণত পাকিস্তানৰ সকলো মেচ কলম্বোত অনুষ্ঠিত হৈছে।

Advertisment

ALSO READ:ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত বৃহৎ জয় টীম ইণ্ডিয়াৰ

ভাৰতীয় মহিলা দল বৰ্তমান ভাল ফৰ্মত আছে। ঘৰুৱা মাটিত অনুষ্ঠিত হোৱা বিশ্বকাপৰ উদ্বোধনী মেচত ভাৰতে শ্ৰীলংকাক ৫৯ ৰানত পৰাস্ত কৰি সফলতাৰে অভিযান আৰম্ভ কৰিছে। দীপ্তি শৰ্মা আৰু আমনজ্যোত কৌৰৰ প্ৰদৰ্শনে দলৰ মনোবল যথেষ্ট বৃদ্ধি কৰিছে।। দীপ্তি শৰ্মা (৫৩ ৰান আৰু ৩ উইকেট) আৰু আমনজ্যোত কৌৰৰ (৫৭ ৰান) অলৰাউণ্ড প্ৰদৰ্শনেৰে ভাৰতে জয় লাভ কৰিছিল। আনহাতে পাকিস্তানে তেওঁলোকৰ প্ৰথমখন খেলত বাংলাদেশৰ হাতত শোচনীয়ভাৱে পৰাস্ত হৈছে। এই পৰাজয়ে পাকিস্তান দলৰ চাপ বৃদ্ধি কৰিছে।

ALSO READ:টীম ইণ্ডিয়াত ৰোহিত যুগৰ অৱসান

এদিনীয়া বিশ্বকাপত পাকিস্তানৰ হাতত ভাৰতীয় দল কেতিয়াও পৰাস্ত হোৱা নাই। সামগ্ৰিকভাৱে মহিলা এদিনীয়া মেচত দুয়োটা দল এতিয়ালৈকে ১১ বাৰ মুখামুখি হৈছে আৰু আটাইকেইখন মেচতে ভাৰতৰ জয়লাভ কৰে। দেওবাৰে এই জয়ৰ ধাৰা অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে নামিব 'মেন ইন ব্লু'ৰ মহিলা দল। এদিনীয়া বিশ্বকাপত ভাৰত আৰু পাকিস্তান এতিয়ালৈকে চাৰিবাৰ মুখামুখি হৈছে, আৰু আটাইকেইবাৰেই ভাৰত জয়ী হৈছে।

ALSO READ:অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঘোষণা হ'ল ভাৰতীয় দল, শুভমন গিলৰ হাতত টীম ইণ্ডিয়াৰ নেতৃত্ব

ভাৰতৰ বাবে এই মেচ জিকাটো অতি গুৰুত্বপূৰ্ণ, যিয়ে তেওঁলোকৰ মনোবল আৰু ছুপাৰ-৪ৰ যাত্ৰা সুগম কৰিব। ভাৰতে পুনৰবাৰ পাকিস্তানৰ ওপৰত নিজৰ আধিপত্য বজাই ৰাখিবলৈ সাজু হৈছে। ভাৰতৰ বাবে এই মেচ এখন গুৰুত্বপূৰ্ণ বিজয়ৰ সুযোগ। পাকিস্তানৰ দুৰ্বল আৰম্ভণিৰ সুবিধা লৈ হৰমনপ্ৰীত বাহিনীয়ে গ্ৰুপ পৰ্যায়ত নিজৰ স্থিতি মজবুত কৰিব বিচাৰিব। কলম্বোৰ ক্ৰিকেট অনুৰাগীয়ে এই মেচ উপভোগ কৰিবলৈ সাজু হৈছে, যিখন মেচ ভাৰতীয় সময় অনুসৰি বিয়লি ৩:০০ বজাৰ পৰা আৰম্ভ হ'ব

ALSO READ:ICC মহিলা বিশ্বকাপত আজাদ কাশ্মীৰৰ প্ৰসংগ:বিতৰ্কত সানা মিৰ

এই খেল খনত অধিনায়িকা হৰমনপ্ৰীত কৌৰ, তাৰকা বেটছমেন স্মৃতি মান্ধানা, আৰু বল-বেটেৰে উজলি উঠা দীপ্তি শৰ্মাৰ ওপৰত সকলোৰে দৃষ্টি থাকিব। অসমৰ ক্ৰীড়াপ্ৰেমীয়েও ৰাজ্যৰ কন্যা উমা ছেত্ৰীক খেল পথাৰত দেখাৰ আশা পুহি ৰাখিছে। আনহাতে পাকিস্তান দলৰ হৈ অধিনায়িকা ফাতিমা সানা আৰু অভিজ্ঞ অলৰাউণ্ডাৰ নিদা দাৰে ভাল প্ৰদৰ্শন কৰিব লাগিব তেতিয়াহে তেঁওলোকে ভাৰতক পৰাস্ত কৰিব পাৰিব।