Advertisment

পাঁচ বছৰত নহ’ল ‘বানমুক্ত’ আৰু ৫ বছৰ সময় বিচাৰিলে অমিত শ্বাহে

২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অসমলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। সেই সময়ত তেওঁ অসমবাসীক আশ্বাস দিছিল যে বিজেপি পুনৰ ক্ষমতালৈ আহিলে অসমক ‘বানমুক্ত’ ৰাজ্য হিচাপে গঢ়ি তোলা হ’ব৷

 পাঁচ বছৰত নহ’ল ‘বানমুক্ত’ আৰু ৫ বছৰ সময় বিচাৰিলে অমিত শ্বাহে

পাঁচ বছৰত নহ’ল ‘বানমুক্ত’ আৰু ৫ বছৰ সময় বিচাৰিলে অমিত শ্বাহে

Also Read.....'জয় জুবিন দা' ধ্বনিৰে মুকলি আকাশৰ তললৈ ভিক্টৰ দাস


২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অসমলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। সেই সময়ত তেওঁ অসমবাসীক আশ্বাস দিছিল যে বিজেপি পুনৰ ক্ষমতালৈ আহিলে অসমক ‘বানমুক্ত’ ৰাজ্য হিচাপে গঢ়ি তোলা হ’ব৷

Advertisment

তেওঁ ভাষণত কৈছিল, ‘বিজেপিক আৰু পাঁচ বছৰ দিয়ক, ইয়াত আৰু কেতিয়াও বান নহ’ব৷ ৰাইজেও হিল-দল ভাঙি ভোট দিলে বিজেপিক। বিজেপি পুনৰ ক্ষমতালৈ আহিল, আৰু পাঁচ বছৰ পাৰ হৈ গ’ল৷ কিন্তু উত্তৰ-পূব ভাৰতৰ এক বৃহত্তম অসম ৰাজ্যখনৰ বান সমস্যা এতিয়াও সমাধান কৰিব নোৱাৰিলে। গৃহমন্ত্ৰীগৰাকীয়ে দিয়া সেই আশ্বাসক লৈ বিৰোধীৰ লগতে বিভিন্ন দল-সংগঠনেও ভিন্ন সময়ত প্ৰশ্ন কৰি আহিছে।

পুনৰ ৰাজ্যত বিধানসভা নিৰ্বাচন। ইতিমধ্যে নিৰ্বাচনক লৈ শাসক-বিৰোধী নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত। দিল্লীৰ পৰা অসমত আহি বাহৰ পাতিছে হেভিওৱেট ৰাজনৈতিক নেতা সকল। শুকুৰবাৰে কাছাৰত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। কাছাৰৰ ৰাজহুৱা সভাৰ ভাষণত পুনৰ অসমৰ বানক লৈ ভাষণ প্ৰসংগত কয় যে, ‘বিগত দহ বছৰত বিজেপিয়ে অসমৰ উন্নয়ন সুনিশ্চিত কৰিছে। আৰু পাঁচ বছৰ বিজেপিৰ চৰকাৰ বনাই দিয়ক অসম ‘বানমুক্ত’ কৰা হ’ব।

Also Read...'বিৰোধীৰ মাজত মিত্ৰতাৰ অত্যন্ত প্ৰয়োজন', অখিল-লুৰীণৰ ক্ষোভৰ মাজতেই গৌৰৱ গগৈৰ বিশেষ পোষ্ট


গৃহমন্ত্ৰীৰ এই ভাষণৰ পিছতেই এতিয়া বহুতেই প্ৰশ্ন কৰিছে, তেন্তে যোৱা পাঁচ বছৰত অসমত বিজেপি চৰকাৰে বান নিয়ন্ত্ৰণৰ বাবে কি কৰিলে? এই ক্ষেত্ৰত নিজৰ ব্যৰ্থতা ঢাকিবলৈ আৰু পাঁচ বছৰৰ সময় বিচাৰিছে নেকি?

কেৱল গৃহমন্ত্ৰীগৰাকীয়ে নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও যোৱা সপ্তাহত অসম ভ্ৰমণ কৰি বিজেপিক বিদেশীমুক্ত অসম গঢ়াৰ বাবে আৰু পাঁচ বছৰৰ সময় দিব লাগে বুলি মন্তব্য কৰিছিল। অসমত বিজেপি চৰকাৰ আৰম্ভ হয় ২০১৬ চনৰ পৰা। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেও বিজেপিয়ে দাবী কৰিছিল যে যদি তেওঁলোক ক্ষমতালৈ আহে তেন্তে অসম বিদেশী বিশেষকৈ বাংলাদেশীমুক্ত কৰা হ’ব।

Also Read....'বিজেপি এতিয়া ৰাজনৈতিক দল নহয়, ব্যক্তিগত কোম্পানীহে' -ৰাজেন গোঁহাই

১০টা বছৰ অসমত বিজেপি চৰকাৰে শাসন কৰাৰ পাছতো একেই প্ৰতিশ্ৰুতিৰে বিজেপিয়ে ২০২৬ ৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে। কাছাৰৰ পৰাই গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছক উদ্দেশ্যি কয়, কংগ্ৰেছে দেশৰ সকলো সীমান্ত মুকলি কৰি ৰাখিছিল। ফলত অসমত মুক্ত অনুপ্ৰৱেশ ঘটিছিল। অনুপ্ৰৱেশৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে ফলপ্ৰসূ ভূমিকা পালন কৰিছে। শ্বাহে লগতে অভিযোগ কৰে যে অসমত কংগ্ৰেছৰ শাসন কালত কাছাৰত কোনো ধৰণৰ উন্নতি হোৱা নাছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীৰ পৰাই কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰে।

Advertisment
Advertisment