Assamese'হাতত বিড়ি মুখত পাণ ভাগৌ মিঞা পাকিস্তান" উজনি অসমত পুনৰ 'মিঞা' বিৰোধী অভিযানউজনি অসমত তীব্ৰতৰ হৈ উঠিছে ‘মিঞা’ বিৰোধী অভিযান। এইবাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ‘মিঞা’ক লক্ষ্য কৰি বিভিন্ন শ্লোগানেৰে হৰ্ডিং, পোষ্টাৰ লগাই ব্যাপক প্ৰচাৰ উজনি অসমৰ বিভিন্ন দল-সংগঠনৰ।Estafur Rahman Feb 06, 2026 16:51 ISTউজনি অসমত তীব্ৰতৰ হৈ উঠিছে ‘মিঞা’ বিৰোধী অভিযান। এইবাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ‘মিঞা’ক লক্ষ্য কৰি বিভিন্ন শ্লোগানেৰে হৰ্ডিং, পোষ্টাৰ লগাই ব্যাপক প্ৰচাৰ উজনি অসমৰ বিভিন্ন দল-সংগঠনৰ।AdvertismentAlso Read....মেঘালয়ৰ থাসকু ছুতুঙা চিমেণ্ট ৰোডত কয়লাখনিত ভয়ংকৰ ঘটনাউজনি অসমৰ কেইবাটা ঠাইত ''মিঞা'' বিৰোধী হৰ্ডিং, পোষ্টাৰ লগাই মিঞাৰ বিৰুদ্ধে সৰৱ হোৱা দেখা পোৱা গৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিঞা সন্দৰ্ভত কৰা মন্তব্যৰ পাছতেই উজনি অসমৰ কেইবাটাও দল-সংগঠন আৰু অধিক সৰৱ হোৱা পৰিলক্ষিত হৈছে। কেইদিনমান আগতে শিৱসাগৰৰ কেইবাটাও অঞ্চলত মিঞা বিৰোধী পোষ্টাৰ লগোৱা দেখা পোৱা গৈছিল। দল-সংগঠনৰ একাংশ নেতাই মুখ্যমন্ত্ৰীয়ে মিঞা বিৰোধী কৰা মন্তব্যৰ পাছতেই তেওঁলোকে কৈছিল,মুখ্যমন্ত্ৰীয়ে আমাক গ্ৰীন ছিগনেল দিছে। উজনি অসমত থকা মিঞা অতি সোনকালে উজনি অসমৰ এৰিব লাগে বুলি হুংকাৰ দিছিল। কেৱল হুংকাৰে নহয় উজনি অসমৰ বিভিন্ন ঠাইত কৰ্মৰত হৈ থকা মিঞাক এদিনৰ ভিতৰতে উজনি অসম এৰিবলৈ বাধ্য কৰাইছিল। Also Read...ভয়ংকৰ দুৰ্ঘটনাৰ পৰা প্ৰাণ ৰক্ষা পৰিল গোৱালপাৰাৰ এটা অঞ্চলএইবাৰ উজনি অসমৰ লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, ধেমাজি, দুলীয়াজানকে আদি কৰি বিভিন্ন অঞ্চলত ৰাস্তাৰ কাষত বৃহৎ বৃহৎ হৰ্ডিং লগাই ‘মিঞা’ৰ বিৰুদ্ধে সাধাৰণ জনতাক সজাগ কৰিবলৈ চেষ্টা কৰিছে দল-সংগঠনে। প্ৰায় বহু সংখ্যক দল-সংগঠনে নিজাববীয়াকৈ বেনাৰ, পোষ্টাৰ লগাই জনসাধাৰণক সজাগ কৰিবলৈ চেষ্টা কৰিছে। তাকে লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। শিৱসাগৰৰ আমগুৰিত অসমীয়া যুৱ মঞ্চই প্ৰথমে ‘মিঞা’বিৰোধী অভিযান আৰম্ভ কৰিছিল। তাৰ পিছতেই আৰু অধিক জাগ্ৰত হৈ পৰে বিভিন্ন দল-সংগঠন। খিলঞ্জীয়া ঐক্য মঞ্চ, অসমে ৰাস্তাৰ কাষত "বাংলাদেশী মিঞা খেদক জাতি বচাওঁক", "হাতত বিড়ি মুখত পাণ ভাগৌ মিঞা পাকিস্তান", "আহ ঐ আহ, ওলাই আহ, খেদ ঐ খেদ মিঞাক খেদ", "আছে হেংদাং লোৱা নাই, ল’লে হেংদাং মিঞাৰ ৰক্ষা নাই" আদি বিভিন্ন শ্লগানেৰে হৰ্ডিং লগাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। লগতে, আগন্তুক দিনত ‘মিঞা’ বিৰোধী অভিযান ইয়াতকৈও ভয়াৱহ হ’ব বুলি একপ্ৰকাৰ সকীয়নি দিয়ে।Also Read....শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনAdvertismentAdvertisment Read the Next Article