Advertisment

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'মন কী বাত' অনুষ্ঠানত এণ্টিবায়োটিক ঔষধক লৈ কৰিলে ডাঙৰ ঘোষণা আপুনিও এণ্টিবায়োটিক গ্ৰহণ কৰে নেকি ?

বৰ্তমান সময়ত আমাৰ মাজত এক বদ অভ্যাস গঢ়ি উঠিছে আৰু সেয়া হৈছে সামান্য জ্বৰ, চৰ্দি বা কাহ হ’লেই চিকিৎসকৰ কোনো পৰামৰ্শ নোলোৱাকৈ ফাৰ্মাচীৰ পৰা এণ্টিবায়োটিক কিনি সেৱন কৰা হয়। আজিৰে পৰা সাৱধান হওক!

 Photograph: (NDTV)
Photograph: (NDTV)

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'মন কী বাত' অনুষ্ঠানত এণ্টিবায়োটিক ঔষধক লৈ কৰিলে ডাঙৰ ঘোষণা । আপুনিও এণ্টিবায়োটিক গ্ৰহণ কৰে নেকি? তেন্তে সাৱধান !

Advertisment

Also Read.....'অসমীয়াই আত্মসমৰ্পণ কৰা নাছিল, নকৰে' - মুখ্যমন্ত্ৰী

বৰ্তমান সময়ত আমাৰ মাজত এক বদ অভ্যাস গঢ়ি উঠিছে আৰু সেয়া হৈছে সামান্য জ্বৰ, চৰ্দি বা কাহ হ’লেই চিকিৎসকৰ কোনো পৰামৰ্শ নোলোৱাকৈ ফাৰ্মাচীৰ পৰা এণ্টিবায়োটিক কিনি সেৱন কৰা হয়। যদি আপুনিও এনে কৰিছে তেন্তে আজিৰে পৰাই সাৱধান হওক।  কাৰণ ই আপোনাৰ স্বাস্থ্যৰ বাবে মাৰাত্মক হ’ব পাৰে। 


শেহতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ 'মন কী বাত' অনুষ্ঠানত এই গুৰুত্বপূৰ্ণ বিষয়টো উত্থাপন কৰি সকলোকে বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে এণ্টিবায়োটিক ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে। আইচিএমআৰ (ICMR)ৰ এক শেহতীয়া অধ্যয়নত প্ৰকাশ পাইছে যে অপ্ৰয়োজনীয়ভাৱে এণ্টিবায়োটিক ব্যৱহাৰ কৰাৰ ফলত দেশত এণ্টিবায়োটিক ৰেজিষ্টেন্স বা ঔষধৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাইছে। আচলতে এণ্টিবায়োটিক কেৱল বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবেহে কাম কৰে। কিন্তু সাধাৰণতে মানুহে ভাইৰাছজনিত জ্বৰ বা ফ্লুৰ দৰে সমস্যাটোৰ পৰা পৰিত্ৰাণ পাবলৈ ইয়াক গ্ৰহণ কৰি আছে।  যিটো স্বাস্থ্যৰ বাবে এক ডাঙৰ ভাবুকি।

Also Read....'ইতিহাস হ'বলৈ গৈ আছে ভূপেন বৰা', সৰৱ মীৰা বৰঠাকুৰ


প্ৰধানমন্ত্ৰীৰ 'মন মন কী বাত' অনুষ্ঠানৰ জৰিয়তে দিয়া এই সতৰ্কবাণীৰ গুৰুত্ব অধিক কাৰণ বিশ্ব স্বাস্থ্য সংস্থাই এণ্টিবায়োটিক প্ৰতিৰোধ ক্ষমতাক এক নীৰৱ মহামাৰী হিচাপে ঘোষণা কৰিছে। যদি এই পৰিস্থিতি চলি থাকে তেন্তে অনাগত দিনত অতি সাধাৰণ অসুখতো কোনো ঔষধে কাম নকৰিব আৰু ৰোগীৰ অৱস্থা অধিক সংকটপূৰ্ণ হৈ পৰিব। মনত ৰখা প্ৰয়োজন যে এণ্টিবায়োটিক কেৱল নিউমোনিয়া, টাইফয়ড, টি বি বা প্ৰস্ৰাৱৰ সংক্ৰমণৰ দৰে নিৰ্দিষ্ট কিছুমান বেক্টেৰিয়াজনিত ৰোগৰ বাবেহে উপলব্ধ। এই ঔষধবোৰ চিকিৎসকৰ নিৰ্দেশনা অনুসৰি কেৱল নিৰ্ধাৰিত মাত্ৰাতহে গ্ৰহণ কৰিব লাগে। এই ঔষধৰ ইয়াৰ ভুল প্ৰয়োগৰ ফলত ডায়েৰিয়া, ছালৰ চোকোৰা, এচিডিটি আনকি বৃক্ক বিকল হোৱাৰ দৰে গুৰুতৰ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে।

Advertisment

Also Read...'আমাৰ ল'ৰাটোক এনেদৰে ৰখাত বৰ কষ্ট পাইছো'। জুবিনক্ষেত্ৰলৈ আহি ক্ষোভ অনুৰাগীৰ

আমাৰ এই প্ৰতিবেদন পঢ়াৰ পিছত আপুনি অনাগত সময়ত নিজকে সুৰক্ষিত ৰাখিবলৈ হ’লে এণ্টিবায়োটিক গ্ৰহণ কৰাৰ আগতে কেইটামান কথা সদায় মনত ৰখা উচিত। 

১. জধে-মধে ব্যৱহাৰ বন্ধ কৰি প্ৰথমে সংক্ৰমণটো কি ধৰণৰ সেয়া জানি ল’ব লাগে
২.চিকিৎসকৰ ওচৰলৈ গৈ ৰোগ চিনাক্ত কৰাৰ পিছত তেওঁ যিমান দিনৰ বাবে ঔষধ দিয়ে সেই সম্পূৰ্ণ পাঠ্যক্ৰম শেষ কৰাটো অতি প্ৰয়োজনীয়
৩.ঔষধ লোৱাৰ আগতে নিজৰ যকৃত আৰু বৃক্কৰ অৱস্থাৰ বিষয়েও নিশ্চিত হোৱা উচিত
৪.বিশেষকৈ গৰ্ভৱতী মহিলা আৰু স্তনপান কৰাই থকা মাতৃসকলে এনে ঔষধ সেৱন কৰাৰ পৰা বিৰত থকাটো ভাল।

Advertisment

সদায় মনত ৰাখিব যে ঔষধ সকলো সময়তে সমাধান নহয় আৰু সঠিক পৰামৰ্শ অবিহনে লোৱা ঔষধ বিষ সদৃশ হ’ব পাৰে।

Advertisment
Advertisment