Assameseভাঙিল লোহাৰ বৃহৎ দলং, তলত পৰিল একাধিক বাহনহঠাতে ভাঙি পৰিল শ্ৰীভূমি জিলাৰ আছিমগঞ্জ আনিপুৰ পথৰ ছিংলা নৈৰ ওপৰত থকা লোহাৰ বৃহৎ দলং। বুধবাৰে দিনৰ প্ৰায় ১১-৩০ বজাত অভাৰলোড ডাম্পাৰ'ৰ দৌৰাত্ম্যৰ ফলত দলং ভাঙি যোৱা বুলি মত প্ৰকাশ কৰে স্থানীয় ৰাইজেEstafur Rahman Feb 11, 2026 15:49 ISTশ্ৰীভূমি জিলাৰ আছিমগঞ্জ আনিপুৰ পথৰ ছিংলা নৈৰ ওপৰত থকা লোহাৰ দলংখন বুধবাৰে দিনৰ প্ৰায় ১১-৩০ বজাত ভাঙি পৰে।AdvertismentAlso Read....."দেশতকৈ মামী ডাঙৰ নহয়" শ্লোগানেৰে উত্তাল ৰাজ্য !স্থানীয় ৰাইজে জনোৱা অনুসৰি অভাৰলোড ডাম্পাৰ'ৰ দৌৰাত্ম্যৰ ফলত ভাঙি পৰে দলংখন। এই বৃহৎ দলংখন ভাঙি যোৱাৰ ফলত বন্ধ হৈ পৰিছে সকলো ধৰণৰ যান-বাহনৰ চলাচল। দুৰ্ঘটনাৰ পিছতে সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ। ছিংলা নৈৰ ওপৰত থকা গুৰুত্বপূৰ্ণ দলংখন হঠাতে ভাঙি পৰাত একাধিক বাহন নৈত পৰি যায়। ঘটনাৰ ফলত দুখন হাইভা ডাম্পাৰ, এখন ৱেগনাৰ, এখন অল্টো, দুখন বাইক আৰু এখন ট্ৰাকৰ যথেষ্ট ক্ষতিসাধন হয়।Also Read....বন্ধ হ'ল জুবিন ক্ষেত্ৰত থকা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিনামূলীয়া চাহৰ বিপণীইফালে এই ভয়ংকৰ দুৰ্ঘটনাত দুজন লোক গুৰুতৰভাৱে আহত হৈছে। দলং ভাঙি পৰাৰ লগে লগে চালক আৰু যাত্ৰীৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয়। আহত দুজনৰ এজনক ততাতৈয়াকৈ শ্রীভূমি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু আঘাতপ্ৰাপ্ত আন এজন লোকক ভৰ্তি কৰোৱা হয় চৰগুলা চিকিৎসালয়ত।Also Read...."দেশতকৈ মামী ডাঙৰ নহয়" শ্লোগানেৰে উত্তাল ৰাজ্য !দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয়গৈ চক্ৰ বিষয়া সৌভিক দত্ত লগতে বৃহৎ আৰক্ষী বাহিনী। দীৰ্ঘ সময়ৰ অন্তত সফল কৰে উদ্ধাৰ অভিযান। নিয়ন্ত্ৰণলৈ আনে সৃষ্টি হোৱা তীব্ৰ যানজঁট। স্থানীয় বাসিন্দাসকলে জনোৱা মতে মাত্ৰ কিছুদিন পূৰ্বে দলংখনৰ মেৰামতিৰ নামত ব্যয় কৰা হৈছিল চৰকাৰী ধন। কিন্তু মেৰামতি কৰাৰ এবছৰো নৌহওঁতেই কেনেকৈ দলং ভাঙি পৰিল বুলি প্ৰশ্ন তুলিছে ৰাইজে। AdvertismentAdvertisment Read the Next Article