Advertisment

পুনৰ উত্তৰ-পূবৰ তিনি যুৱতীক চৰম অপমান ৰাজধানী দিল্লীত !

দক্ষিণ দিল্লীৰ মালভিয়া নগৰত ভাড়াতীয়া হিচাপে থকা অৰুণাচল প্ৰদেশৰ তিনিগৰাকী যুৱতীক চৰম অপমান কৰাৰ অভিযোগ একেটা ফ্লেটত থকা আন ভাড়াতীয়াৰ বিৰুদ্ধে।

 Photograph: (PTI)
Photograph: (PTI)

পুনৰ উত্তৰ-পূবৰ তিনি যুৱতীক চৰম অপমান ৰাজধানী দিল্লীত !

Also Read....কৱৰ খান্দি উলিওৱা হ’ল যুৱতীৰ নিথৰ দেহ

দক্ষিণ দিল্লীৰ মালভিয়া নগৰত ভাড়াতীয়া হিচাপে থকা অৰুণাচল প্ৰদেশৰ তিনিগৰাকী যুৱতীক চৰম অপমান কৰাৰ অভিযোগ একেটা ফ্লেটত থকা আন ভাড়াতীয়াৰ বিৰুদ্ধে। পিটিআইৰ খবৰ অনুসৰি, ভাড়াতীয়া হিচাপে থকা অৰুণাচল প্ৰদেশৰ যুৱতী কেইগৰাকীৰ ফ্লেট'ত মেৰামতিৰ কামক লৈ কাজিয়াৰ সুত্ৰপাত হয়। ২০ ফেব্ৰুৱাৰীৰ বিয়লি প্ৰায় ৩.৩০ বজাত যুৱতী কেইগৰাকীয়ে থকা ভাড়া ঘৰৰ চতুৰ্থ মহলাত এয়াৰ কণ্ডিচনাৰ (AC) লগোৱাৰ কাৰণে এজন ইলেকট্ৰিচিয়ানক মাতিছিল। ইলেকট্ৰিচিয়ানে ড্ৰিলিঙৰ কাম কৰি থকাত ধূলি আৰু ধ্বংসাৱশেষ আন ভাড়াতীয়াৰ ঘৰৰ মজিয়াত পৰিছিল। অৰুণাচল প্ৰদেশৰ যুৱতী কেইগৰাকীয়ে থকা ভাড়াঘৰৰ প্ৰতিবেশী আছিল হৰ্ষ সিং আৰু তেওঁৰ পত্নী ৰুবী জৈন। হৰ্ষ সিঙৰ ঘৰৰ মজিয়াত ধূলি আৰু ধ্বংসাৱশেষ পৰাৰ কাৰণে যুৱতী কেইগৰাকীৰ লগত বাক-বিতণ্ডাৰ সৃষ্টি হয়। ইতিমধ্যে বাক-বিতণ্ডাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

Advertisment

Also Read...প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুকুল ৰায়ৰ পৰলোকপ্ৰাপ্তি। ৰাজনৈতিক মহলত শোকৰ ছাঁ

প্ৰতিবেশী হৰ্ষ সিং আৰু তেওঁৰ পত্নী ৰুবী জৈনে অৰুণাচলৰ যুৱতী কেইগৰাকীক অশ্লীল ভাষাৰে গালি-গালাজ দিয়াৰ লগতে ভয়-ভাবুকি দিয়াৰো অভিযোগ উঠিছে। যুৱতী কেইগৰাকীক প্ৰথমে 'ম'ম' বুলি অভিহিত কৰাৰ লগতে '৫০০ টকাত পাৰ্লাৰত যৌন কৰ্মী হিচাপে কাম কৰা যুৱতী বুলিও তুচ্ছ-তাচ্ছিল্য কৰা সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ'টোত শুনিবলৈ পোৱা যায়। ভাড়াঘৰৰ ভিতৰতে পাৰ্লাৰ খুলি যৌন বেহা কৰি থকাৰো অভিযোগ কৰে প্ৰতিবেশীয়ে। কেৱল ইমানেই নহয় উত্তৰ-পূবৰ সম্প্ৰদায়ক লক্ষ্য কৰি গালি-গালাজৰ লগতে “গাটাৰ-চাপ” “ম’মো বিক্ৰী কৰি খোৱা লোক” আৰু “উত্তৰ-পূবৰ মানুহবোৰ “ছিট” বুলিও আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উঠিছে। প্ৰতিবেশী মহিলাগৰাকীৰ স্বামী এগৰাকী ৰাজনৈতিক নেতাৰ পুত্ৰ বুলিও দাবী কৰি অশ্লীল ভাষাৰে গালি-গালাজ পাৰে অৰুণাচলৰ তিনি যুৱতীক।

Also Read...নেপালত ভয়ংকৰ বাছ দুৰ্ঘটনা। নিহত ১৭জন, আহত ২৪জন

ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত অৰুণাচলৰ তিনি যুৱতীয়ে প্ৰতিবেশী দম্পতীটোৰ বিৰুদ্ধে মালভিয়া নগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। তেওঁলোকক মানসিক হাৰাশাস্তি আৰু অপমানৰ অভিযোগ তুলি দাখিল কৰে এজাহাৰ। খবৰ অনুসৰি এতিয়ালৈকে আৰক্ষীয়ে কোনো লোককে গ্ৰেপ্তাৰ কৰা নাই। আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।

Advertisment

Advertisment
Advertisment