Assameseপাকিস্তানত ১০ দিন কি কৰিলে গৌৰৱ গগৈয়ে ? সংবাদমেলত আৰু কি ক'লে ?২০১২ৰ অক্টোবৰত বিয়া হৈছিল গৌৰৱ-এলিজাবেথৰ। বিয়া হোৱাৰ মাত্ৰ দুমাহ পিছতেই অৰ্থাত জানুৱাৰীত এলিজাবেথে পাকিস্তানলৈ যাব লগা হৈছিল । লগতে আৰু কয় গৌৰৱ গগৈয়ে, তেতিয়া মোৰ নতুন নতুন বিয়া হৈছিল।Estafur Rahman Feb 09, 2026 18:25 ISTকালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোকসভা ভৱনত দিনৰ ১০:৩০ বজাৰ পৰা প্ৰায় আড়াই ঘণ্টাৰ এখন সংবাদমেলাৰ আয়োজন কৰে। সংবাদমেলাৰ মূল উদ্দেশ্য আছিল গৌৰৱ গগৈৰ পাকিস্তান লিংক।AdvertismentRead Also...মই পাকিস্তানলৈ গৈছিলোঃ গৌৰৱ গগৈলগতে গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান সন্দৰ্ভতো বহু বিস্ফোৰক অভিযোগ দাঙি ধৰে। মুখ্যমন্ত্ৰীৰ প্ৰায় আঢ়ৈ ঘন্টাৰ সংবাদেমল খনৰ পৰা এটা কথা স্পষ্ট যে, যোৰহাটৰ সাংসদ তথা অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ পাকিস্তান গৈছিল আৰু তাতে ১০ দিন কটাইছিল। মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পিছতেই ৰাজ্যজুৰি বিজেপি নেতা সকলৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছিল। প্ৰতিবাদৰ পৰাই বিজেপিৰ নেতা মন্ত্ৰী সকলে এটাই দাবী কৰিছিল যে, ১০ দিন পাকিস্তানত কি কৰিলে গৌৰৱ গগৈয়ে? এনবোৰ কথা আলোচনা চলি থকাৰ মাজতেই আজি অৰ্থাত সোমবাৰে দিনৰ ১২ বজাত অসম কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰা এখনি সংবাদমেল আয়োজন কৰে গৌৰৱ গগৈয়ে। সংবাদমেলত গৌৰৱ গগৈৰ লগতে উপস্থিত থাকে সাংসদ ৰকিবুল হুছেইন,প্রদ্যুৎ বৰদলৈকে ধৰি বহু শীৰ্ষ নেতা। Read Also...পাকিস্তানলৈ গৌৰৱ গগৈ কিয় গৈছিল? মুকলি প্ৰশ্ন অখিল গগৈৰপাকিস্তানত গৈ ১০ দিন কি কৰিছিল গৌৰৱ গগৈয়ে ? উল্লেখ্য যে, সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণ এটা আন্তঃৰাষ্ট্ৰীয় সন্থাৰ লগত জড়িত আছিল। যিটো সন্থাই প্ৰদূষণৰ ওপৰত কাম কৰিছিল। সেই সন্থাৰ লগত জড়িত থকা হেতুকে পাকিস্তানত প্ৰায় এবছৰ থাকিব লগা হৈছিল এলিজাবেথে। পাকিস্তানত কাম কৰিব যোৱাৰ কেইমাহমান পূৰ্বে গৌৰৱ-এলিজাবেথৰ বিয়া সম্পন্ন হৈছিল।২০১২ৰ অক্টোবৰত বিয়া হৈছিল গৌৰৱ-এলিজাবেথৰ। বিয়া হোৱাৰ মাত্ৰ দুমাহ পিছতেই অৰ্থাত জানুৱাৰীত এলিজাবেথে পাকিস্তানলৈ যাব লগা হৈছিল । লগতে আৰু কয় গৌৰৱ গগৈয়ে, তেতিয়া মোৰ নতুন নতুন বিয়া হৈছিল। পাকিস্তানৰ নিচিনা দেশত যেতিয়া পত্নীয়ে অকলে কাম কৰিবলৈ যাব লগা হৈছিল নিশ্চয়কৈ এগৰাকী দায়িত্বশীল স্বামী হিচাপে মোৰ দায়িত্ব সেইয়া খবৰ ৰখাৰ। সেই উদ্দেশ্যৰে মোৰ পত্নী পাকিস্তানত কি কৰি আছে, ক'ত খাইছে, শুইছে, ক'ত বজাৰ কৰিছে সেইবোৰ খবৰ ল'বলৈ চাবলৈ মই গৈছিলো। মোৰ পত্নীৰ লগত মই পাকিস্তান যাব নোৱাৰো নেকি বুলিও প্ৰশ্ন কৰে সাংসদ গৰাকীয়ে।Read Also...বাজপেয়ী ভৱনত হিমন্ত বিশ্ব শৰ্মাক লৈ কি আলোচনা চলিছে? ক'লে ৰকিবুল হুছেইনে- মুখ্য়মন্ত্ৰীৰ অভিযোগ খণ্ডন কৰি পাকিস্তান ভ্ৰমণক লৈ ক'লে সংবাদমেলত গৌৰৱেসংবাদমেলত পাকিস্তান ভ্ৰমণক লৈ সাংসদ গৰাকীয়ে কয় যে, আমি সম্পূৰ্ণ আইনী প্ৰক্ৰিয়া পালন কৰিহে পাকিস্তানলৈ গৈছিলো। ভিছা প্ৰক্ৰিয়াৰ সকলো নীতি পালন কৰি গৈছিলো বিদেশলৈ। পাকিস্তানৰ পৰা ঘুৰি আহি সকলো নথি পত্ৰ মোদী চৰকাৰৰ হাতত জমা দিয়া হৈছিল। পাকিস্তানলৈ আজিলৈকে কোনো মানুহ যোৱাই নাই নেকি বুলিও প্ৰৰ্শ্ন কৰে সাংসদ গৰাকীয়ে ? অভিযোগ মতে, এলিজাবেথ কলবাৰ্ণ পাকিস্তানত বেংক একাউন্ট আছে নেকি ?পত্নী এলিজাবেথৰ পাকিস্তানত বেংক একাউন্টক লৈ স্বামী তথা সাংসদ গৌৰৱ গগৈয়ে মন্তব্য কৰি কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত অভিযোগ আনিছিল যে, পাকিস্তান এৰি অহাৰ পিছতো মোৰ পত্নীৰ বেংক একাউন্ট সক্ৰিয় হৈ আছিল আৰু একাউন্টত পাকিস্তান চৰকাৰৰ পৰা দৰমহা লাভ কৰি আছিল।Read Also....কেৱল গৌৰৱকেই নহয়, মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰক। ফেচবুক লাইভত অখিল গগৈৰ চাঞ্চল্যকৰ দাবীমুখ্যমন্ত্ৰীৰ এই অভিযোগৰ পাছতেই গৌৰৱে গগৈয়ে কয়, মোৰ পত্নীৰ কোনো বেংক একাউন্ট পাকিস্তানত নাই। এয়া গোকাট মিছা কথা কৈছে হিমন্ত বিশ্ব শৰ্মাই। হয় পাকিস্তানত একাউন্ট আছিল। যেতিয়া তেওঁ পাকিস্তানত আছিল। পাকিস্তানত থকাৰ সময়ত তেতিয়া পাকিস্তানত বজাৰ-সমাৰ কৰিবলৈ তাত একাউন্টৰ প্ৰয়োজন আছিল। কিন্তু যেতিয়াই তেওঁ পাকিস্তান এৰিছিল তেতিয়াই পাকিস্তানত থকা একাউন্ট ক্লজ কৰি দিয়া হয়। লগতে আৰু কয়, মুখ্যমন্ত্ৰীয়ে কৈছে পাকিস্তানৰ টকা মোৰ পত্নীৰ একাউন্টত সোমাইছিল। কিন্তু মুখ্যমন্ত্ৰীয়ে নাজানে সেই টকা পাকিস্তানৰ টকা নাছিল। মোৰ পত্নীয়ে দৰমহা পোৱা টকা সেয়া এক আন্তঃৰাষ্ট্ৰীয় প্ৰকল্প আছিল। তাত ভিন্ন দেশে কাম কৰে । AdvertismentAdvertisment Read the Next Article