Advertisment

কাছাৰত ৩.২৫ কোটি টকাৰ হেৰ’ইনসহ ৫ সৰবৰাহকাৰীক আটক

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত আন এক বৃহৎ সফলতা। এইবাৰ কাছাৰ আৰক্ষীৰ সফলতা। শিলচৰ-কালাইন পথৰ বৰুংগা অঞ্চলত চলোৱা এক অভিযানত প্ৰায় ৩ কোটি ২৫ লাখ টকা মূল্যৰ বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে।

 Photograph: (dy365)
Photograph: (dy365)

কাছাৰত ৩.২৫ কোটি টকাৰ হেৰ’ইনসহ ৫ সৰবৰাহকাৰীক আটক

Also Read...নতুন প্ৰজন্মই সলনি কৰিলে দেশ! Gen Zৰ বিদ্ৰোহে আনিলে নেপালত বৃহৎ পৰিৱৰ্তন

Advertisment


অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত আন এক বৃহৎ সফলতা। এইবাৰ কাছাৰ আৰক্ষীৰ সফলতা। শিলচৰ-কালাইন পথৰ বৰুংগা অঞ্চলত চলোৱা এক অভিযানত প্ৰায় ৩ কোটি ২৫ লাখ টকা মূল্যৰ বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে।

গোপন সূত্ৰৰ পম খেদি কাছাৰ আৰক্ষীৰ এটা দলে কাটিগড়া বৰুংগা অঞ্চলত এখন সন্দেহযুক্ত বাহনত তালাচী চলায়। এই তালাচীৰ সময়ত বাহনখনৰ পৰা ৫৩৮ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰা হয়। জব্দকৃত এই নিষিদ্ধ হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৩.২৫ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Also Read...অহা ১৫ বছৰলৈকে বিটিচিত ময়েই শাসন কৰিমঃ হাগ্ৰামা মহিলাৰী

ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ঘটনাস্থলীতে ৫ টা সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰী কেইটাই ২খন চাৰিচকীয়া বাহনৰ জৰিয়তে এই বৃহৎ পৰিমাণৰ হেৰ’ইনখিনি সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল।

Advertisment

Also Read...বৃদ্ধি কৰা হ’ল HS প্ৰথম বৰ্ষৰ উত্তীৰ্ণৰ নম্বৰ, এতিয়াৰে পৰা ৩০ শতাংশ পালেই নহ’ব

আৰক্ষীয়ে আটক কৰা ৫ সৰবৰাহকাৰী ক্ৰমে নগাঁওৰ নূৰ আলম, আবু তালিব, শাহাবুল ইছলাম, মৰিগাঁওৰ মিজানুল হক, অমৰ তাৰেক বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী কেইটাৰ ওপৰত মাৰাথন জেৰা অব্যাহত ৰাখিছে। এই চক্ৰটোৰ সৈতে আন কোনো লোক জড়িত থকাৰ সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তুলিছে।

Also Read...সৰুপথাৰত জন আশীৰ্বাদ যাত্ৰা

Advertisment
Advertisment