Assamese৮ কোটি টকাৰ ড্ৰাগছ জব্দ২৪ ঘণ্টাত ৰাজ্যত জব্দ প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ। আৰক্ষীৰ অভিযানত জালত পৰে চাৰিটাকৈ ড্ৰাগছ সৰবৰাহকাৰী। কাৰ আশীৰ্বাদত ৰাজ্যৰ চুকে-কোণে খোপনি পুতি আৰক্ষীৰ নাকৰ তলেদি কোনে চলাই আছে ড্ৰাগছৰ ৰমৰমীয় বেহা? Jyotiprasad Sarma Feb 23, 2026 13:45 IST৮ কোটি টকাৰ ড্ৰাগছ জব্দ Photograph: (DY365)৮ কোটি টকাৰ ড্ৰাগছ জব্দআৰক্ষী-প্ৰশাসনৰ ৰঙা চকুলৈ ভয় নাই!কোনে ক'ৰ পৰা চলাই আছে অবাধ বেহা?ৰাজ্যত অব্যাহত ড্ৰাগছৰ ৰমৰমীয়া বেহা! দিনক দিনে বৃদ্ধি পাইছে বৰবিহৰ অবাধ বেহা। আৰক্ষী-প্ৰশাসনৰ ৰঙা চকুক কেৰেপ নকৰি একাংশই চলাই গৈছে নিচাজাতীয় সামগ্ৰীৰ বেহা। দৈনিক চৰকাৰ-প্ৰশাসনে চলোৱা অভিযানেও যেন ৰোধ কৰিব পৰা নাই ড্ৰাগছৰ অবৈধ বেহা! অশেষ চেষ্টা কৰিও ইয়াৰ প্ৰচলন কমাব পৰা নাই। আজিও ৰাজ্যত ব্যাপক হাৰত ড্ৰাগছৰ প্ৰচলন হৈয়েই আছে। ড্ৰাগছ সৰবৰাহকাৰী আৰু সেৱনকাৰীৰ সংখ্যা দিনক দিনে যেন বৃদ্ধি পাই আছে! ক্ৰমান্বয়ে ধ্বংসৰ গৰাহত এতিয়া দেশ তথা ৰাজ্যৰ যুৱ প্ৰজন্ম! ৰাজ্যখনত ড্রাগছৰ দৰে মাৰাত্মক দ্রব্যই একাংশক তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে। Advertismentকাৰ আশীৰ্বাদত ৰাজ্যৰ চুকে-কোণে খোপনি পুতি আৰক্ষীৰ নাকৰ তলেদি কোনে চলাই আছে ড্ৰাগছৰ ৰমৰমীয় বেহা? আৰক্ষীয়ে গিজগিজাই থকাৰ পিছতো কিয় ৰোধ কৰিব পৰা নাই নিচাজাতীয় সামগ্ৰীৰ অবৈধ বেহা সেয়া এতিয়া হৈ পৰিছে এক ডাঙৰ প্ৰশ্ন। ২৪ ঘণ্টাত ৰাজ্যত জব্দ প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ। আৰক্ষীৰ অভিযানত জালত পৰে চাৰিটাকৈ ড্ৰাগছ সৰবৰাহকাৰী। হাইলাকান্দিত প্ৰায় ৫ কোটি টকাৰ ড্ৰাগছ জব্দ। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বোৱাৰঘাট পাৰ্ট-১ত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ১ লাখ ২১ হাজাৰ য়াবা টেবলেট। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুটা সৰবৰাহকাৰীক। মিছ মাৰ্চি পিল্লেই আৰু থংজাগিন হাওকিপ নামৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। এখন মহিণ্ডা বাহনৰ গোপন চেম্বাৰত ১২টা পেকেটত ভৰাই আনিছিল নিচাজাতীয় সামগ্ৰীখিনি। ড্ৰাগছখিনি ক’ৰ পৰা ক’লৈ নিয়াৰ পৰিকল্পনাৰে অনা হৈছিল সেই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। AdvertismentAlso Read: পুনৰ উত্তৰ-পূবৰ তিনি যুৱতীক চৰম অপমান ৰাজধানী দিল্লীত !আনহাতে কাছাৰত জব্দ প্ৰায় ৩ কোটি টকাৰ য়াবা টেবলেট। কাছাৰ আৰক্ষীৰ অভিযানত জব্দ ১০ হাজাৰ য়াবা টেবলেট। গোপন সূত্ৰৰ ভিত্তিত অসম-মণিপুৰ সীমান্তৰ জিৰিঘাটত আৰক্ষীৰ এটা দলে মণিপুৰৰ পৰা অহা এখন বলেৰ' পিকআপ ভানত তলাচী চলাই বাহনখনৰ গোপন চেম্বাৰৰ পৰা বুজন পৰিমাণৰ নিষিদ্ধ য়াবা টেবলেটখিনি জব্দ কৰিবলৈ সক্ষম হয়৷ অভিযানত চুবুৰীয়া মণিপুৰৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আছিন খুম্বা, কে নামথুইদিনাং নামৰ দুই সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে। AdvertismentAdvertisment Read the Next Article