Advertisment

তিহাৰ জে'লৰ অতিথি আপোনাৰ-মোৰ প্ৰিয় অভিনেতা ৰাজপাল যাদৱ

তিহাৰ জে’লত আত্মসমৰ্পণ বলীউডৰ জনপ্ৰিয় কমেডী অভিনেতা ৰাজপাল যাদৱৰ। আত্মসমৰ্পণ কৰিয়েই চিঞৰি চিঞৰি কান্দি উঠিল অভিনেতা ৰাজপাল যাদৱ। কেতিয়াও ভাবিব নোৱাৰা এক সমস্যাৰ সন্মুখীন হ'ল জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱ

 তিহাৰ জে'লৰ অতিথি আপোনাৰ-মোৰ প্ৰিয় অভিনেতা ৰাজপাল যাদৱ

তিহাৰ জে’লত আত্মসমৰ্পণ বলীউডৰ জনপ্ৰিয় কমেডী অভিনেতা ৰাজপাল যাদৱ। আত্মসমৰ্পণ কৰিয়েই চিঞৰি চিঞৰি কান্দি উঠিল অভিনেতা ৰাজপাল যাদৱ।

Advertisment

Also Read.....ভাঙিল লোহাৰ বৃহৎ দলং, তলত পৰিল একাধিক বাহন

 কেতিয়াও ভাবিব নোৱাৰা এক সমস্যাৰ সন্মুখীন হ'ল জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱ। অৱশেষত ৰাজপাল যাদৱ তিহাৰ জে’লত আত্মসমৰ্পণ কৰিব লগা হ'ল। তিহাৰ জে’লত জনপ্ৰিয় অভিনতাগৰাকীয়ে আত্মসমৰ্পণ কৰাৰ পিছতেই অভিনেতা চনু ছুডে লিখিছে, "সাহায্য কৰা মানে দয়া কৰা নহয়! এয়া এজন শিল্পীৰ মৰ্যাদা ৰক্ষাৰ বিষয়।"


ৰাজপাল যাদৱৰ ওপৰত গোচৰ তৰা হৈছিল ২০১০ চনতে। অভিনেতা ৰাজপাল যাদৱে তেওঁৰ নিজস্ব পৰিচালিত একমাত্ৰ ছবি ‘আতা পাটা লাপাতা’ নিৰ্মাণৰ বাবে M/s Murali Projects Private Limited নামৰ কোম্পানী এটাৰ পৰা ৫ কোটি টকা ঋণ লৈছিল। কিন্তু বক্স অফিচত ৰাজপাল যাদৱৰ পৰিচালিত চিনেমাখন বিফল হোৱাৰ ফলত অভিনেতাগৰাকীয়ে আৰ্থিক সংকটত ভুগিবলগীয়া হয়। পৰৱৰ্তী সময়ত অভিনেতা ৰাজপাল যাদৱে পৰিশোধ কৰিব পৰা নাছিল ঋণৰ ধন। ঋণৰ ধন ঘূৰাই দিব নোৱাৰাত কোম্পানীটোৱে গোচৰ তৰিছিল তেওঁৰ বিৰুদ্ধে। খবৰ অনুসৰি, ধন পৰিশোধৰ বাবে দাখিল কৰা ৰাজপাল যাদৱৰ সকলো চেক বাউন্স হৈছিল।

Also Read....ধিঙত জুৱাৰীৰ ৰূপত চৰকাৰী গাঁও প্ৰধান

চেক বাউঞ্চ গোচৰত আদালতৰ নিৰ্দেশমৰ্মে আত্মসমৰ্পণ কৰিছিল বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱে। মঙলবাৰে অভিনেতা ৰাজপাল যাদৱে দিল্লীৰ তিহাৰ জে'লত আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণৰ পূৰ্বে ৰাজপাল যাদৱে যি মন্তব্য কৰিছিল সেয়া শুনিলে আপোনাৰো চকু সেমেকি উঠিব। তিহাৰ জে'লৰ কৰ্মচাৰীৰ সন্মুখত তেওঁৰ বক্তব্যই চলচ্চিত্ৰ জগতৰ ভিতৰৰ সম্পৰ্কক লৈও বহু প্ৰশ্ন উত্থাপন কৰিছে। তিহাৰ জে'লৰ বিষয়াৰ ওচৰত আত্মসমৰ্পণ কৰাৰ কিছু সময় পূৰ্বে ৰাজপালে এটি আৱেগিক মন্তব্য কৰিছিল। সংবাদ সংস্থাৰ সূত্ৰৰ মতে, নিজৰ পৰিস্থিতিৰ বৰ্ণনা কৰিবলৈ গৈ কান্দোনত ভাঙি পৰি ৰাজপালে কয়,

 "ছাৰ, মই কি কৰা উচিত? মোৰ হাতত অলপো ধন নাই। মোৰ সন্মুখত আন কোনো সমাধান নাই... ছাৰ, আমি সকলোৱেই ইয়াত অকলশৰীয়া। মোৰ কোনো বন্ধু নাই। মই অকলেই এই পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব।"

Also Read....হোলীৰ পূৰ্বে চৰকাৰী চাকৰিয়াললৈ আহিব ভাল খবৰ! দৰমহা বৃদ্ধিক লৈ ডাঙৰ আপডেট!

উল্লেখ্য যে ৰাজপাল যাদৱৰ অধিবক্তাৰ যুক্তিত আদালতে তেওঁক সময়ো দিছিল। কিন্তু আদালতে দিয়া সময়ত তেওঁ সেই ঋণৰ টকা ঘূৰাই দিব পৰা নাছিল। আৰু অৱশেষত দিল্লী উচ্চ ন্যায়ালয়ে ৬ মাহৰ কাৰাদণ্ডৰ ৰায় দি তিহাৰ জেলত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে জনপ্ৰিয় অভিনেতাজনক। 

Advertisment
Advertisment