Assamese৫৭ বছৰীয়া হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মামুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ আজি ওপজা দিন। ৫৭ বছৰীয়া হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জন্মদিনত নিশা কেক কাটি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই পৰিয়াল আৰু শুভাকাংক্ষীৰ সৈতে ওপজা দিন উদযাপন কৰে।Jyotiprasad Sarma Feb 01, 2026 18:17 IST৫৭ বছৰীয়া হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা Photograph: (DY365)৫৭ বছৰীয়া হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মামুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ আজি ওপজা দিন। ৫৭ বছৰীয়া হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জন্মদিনত নিশা কেক কাটি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই পৰিয়াল আৰু শুভাকাংক্ষীৰ সৈতে ওপজা দিন উদযাপন কৰে। পৰিয়ালৰ লগতে ভালেসংখ্যক শুভাকাংক্ষীৰ উপস্থিতিত মুখ্যমন্ত্রীয়ে কেক কাটি নিজৰ জন্মদিন উদযাপন কৰে। নিশাই জন্মদিনৰ শুভেচ্ছা দিবলৈ মুখ্যমন্ত্ৰীৰ আৱাসৰ সন্মুখত অনুৰাগী-শুভাকাংক্ষীৰ ভিৰ পৰিলক্ষিত হয়।AdvertismentAlso Read: কি কি সামগ্ৰীৰ দাম কমিব?নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা জনাবলৈ মুখ্যমন্ত্ৰী আৱাসত ভিৰ কৰে শুভাকাংক্ষী আৰু আনুৰাগীয়ে। নিশা ১২ বজাত ৰাজধানী দিছপুৰত উত্সৱমুখৰ পৰিৱেশ সৃষ্টি হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মুখ্যমন্ত্ৰীক শুভেচ্ছা জনাবলৈ আহিল অসংখ্যজন। ফুলৰ থোপা, গামোচা, গণেশৰ মূৰ্তি আদি বিভিন্ন উপহাৰ লৈ আহে মুখ্যমন্ত্ৰীগৰাকীলৈ। বাসগৃহৰ সন্মুখত বিজেপিৰ নেতা-কৰ্মীৰ লগতে অনুৰাগীয়ে ভিৰ কৰা দেখা যায়। নিশা চৰকাৰী বাসগৃহৰ পৰা অনুৰাগীসকলৰ মাজলৈ ওলাই আহে মুখ্যমন্ত্ৰীগৰাকী। Also Read: কেন্দ্ৰীয় বাজেটক ঐতিহাসিক আখ্যা প্ৰধানমন্ত্ৰীৰইফালে জন্মদিনৰ দিনা কামাখ্যা ধামলৈ যায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জন্মদিনৰ পুৱা কামাখ্যা মন্দিৰত উপস্থিত হৈ পূজা আগবঢ়ায় মুখ্যমন্ত্ৰীয়ে। পুৱাতে মা কামাখ্যাৰ আশিস ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে, ৰাজ্যৰ ভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৫৭ সংখ্যক ওপজা দিন উদযাপন কৰে অনুৰাগী তথা শুভাকাংক্ষীয়ে। বস্ত্ৰনগৰী শুৱালকুছিৰ দেওবৰীয়া বজাৰত বজাৰ সমিতি আৰু ব্যৱসায়ীসকলে মিলি উদযাপন কৰে মুখ্যমন্ত্ৰীগৰাকীৰ ওপজা দিন। ইয়াৰ পিছত মুখ্যমন্ত্ৰীৰ কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰে কেইবাগৰাকী বিশিষ্টলোকে। মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত অসমখন যাতে আৰু অধিক উন্নয়নৰ ক্ষেত্রত আগবঢ়ি যাব পাৰে ইয়াৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক শক্তি দিবৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় উপস্থিত ৰাইজে। লগতে মুখ্যমন্ত্ৰী গৰাকীৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে সকলোৱে।নাৰায়ণপুৰতো ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৫৭ সংখ্যক জন্মদিন উদযাপন৷ হিমন্ত বিশ্ব শৰ্মা ফেন ক্লাৱৰ উদ্যোগত নাৰায়ণপুৰত শিশুসকলৰ সৈতে জন্মদিন উদযাপন কৰি দিনজোৰা কাৰ্যসূচীৰে সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ AdvertismentAdvertisment Read the Next Article