Assameseদুই ভগ্নীৰ সাফল্য, পূৰণ হ'ল কৰিশ্মা, পূজাৰ সপোনওদালগুৰিৰ ৰৌতাত দুই ভগ্নীৰ সাফল্য। কেন্দ্ৰীয় চৰকাৰৰ SSC পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৰিশ্মা চৌহান আৰু পূজা চৌহান। সীমান্ত সুৰক্ষা বাহিনীত নিযুক্তি লাভ দুই ভগ্নীৰ। কৰিশ্মা চৌহান আৰু পূজা চৌহানৰ সফলতাত উৎফুল্লিত হৈ পৰে পিতৃ-মাতৃ। Jyotiprasad Sarma Jan 18, 2026 13:10 ISTদুই ভগ্নীৰ সাফল্যপূৰণ হ'ল কৰিশ্মা, পূজাৰ সপোনওদালগুৰিৰ ৰৌতাত দুই ভগ্নীৰ সাফল্য। কেন্দ্ৰীয় চৰকাৰৰ SSC পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৰিশ্মা চৌহান আৰু পূজা চৌহান। সীমান্ত সুৰক্ষা বাহিনীত নিযুক্তি লাভ দুই ভগ্নীৰ। Advertismentওদালগুৰিৰ ৰৌতাত এটা অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ দুই ভগ্নীৰ সাফল্য। শেহতীয়াকৈ ঘোষণা হোৱা কেন্দ্ৰীয় চৰকাৰৰ SSC পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সীমান্ত সুৰক্ষা বাহিনীত নিযুক্তি লাভ কৰে ওদালগুৰি জিলাৰ ৰৌতাৰ ৬ নং ধনশ্ৰীৰ একেটা পৰিয়ালৰে দুই ভগ্নী ক্রমে কৰিশ্মা চৌহান আৰু পূজা চৌহানে। দুই কন্যাই সীমান্ত সুৰক্ষা বাহিনীত নিযুক্তি লাভ কৰাত এতিয়া আনন্দৰ বন্যা বৈছে পৰিয়ালটোত। কৰিশ্মা চৌহান আৰু পূজা চৌহানৰ সফলতাত উৎফুল্লিত হৈ পৰে পিতৃ-মাতৃ। Also Read: কি কি থাকিব কাজিৰঙাৰ এলিভেটেড কৰিড’ৰত?কৰিশ্মা আৰু পূজাৰ বৃদ্ধ পিতৃয়ে এখন সৰু গেলামালৰ দোকান দি আৰু মাতৃয়ে অঞ্চলটোত সৰু-বৰ কাম কৰি কোনোমতে চলাই আহিছে পৰিয়ালটো। জ্যেষ্ঠ ভগ্নী কৰিশ্মা চৌহানে পূর্বতে এখন বেচৰকাৰী শিক্ষা প্রতিষ্ঠানত শিক্ষকতা কৰিছিল যদিও বিগত এবছৰে আনৰ ঘৰে ঘৰে টিউচন কৰি উলিয়াইছিল উপাৰ্জনৰ পথ। কৰিশ্মাই টিউচন কৰি পোৱা টকাৰেই কিতাপ-পত্র কিনি ভগ্নী পূজাৰ সৈতে মিলি চলাইছিল পৰীক্ষাৰ প্রস্তুতি। আৰু শেহতীয়াকৈ ঘোষণা হোৱা কেন্দ্ৰীয় চৰকাৰৰ SSC পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সীমান্ত সুৰক্ষা বাহিনীত নিযুক্তি লাভ কৰে কৰিশ্মা আৰু পূজাই। অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ দুই ভগ্নীৰ সাফল্যত উৎফুল্লিত পিতৃ-মাতৃ। দুই ভগ্নীৰ সাফল্যৰ পাছতেই স্থানীয় গাঁওবাসীয়েও এতিয়া প্রশংসাৰে উপচাইছে দুয়োকে। Also Read: কাজিৰঙা এলিভেটেড কৰিড’ৰৰ ভূমি পূজননিযুক্তি লাভ কৰিয়েই দুই ভগ্নী ক্রমে পূজা চৌহান আৰু কৰিশ্মা চৌহানে ধন্যবাদ জনায় কেন্দ্রীয় চৰকাৰৰ লগতে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক। চৰকাৰে নিকা আৰু স্বচ্ছতাৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবেই এতিয়া বহু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ সন্তানেও চৰকাৰী চাকৰি কৰাৰ সপোন দেখিব পৰা হ'ল বুলি মন্তব্য কৰে দুই ভগ্নীয়ে। কৰিশ্মা চৌহান আৰু পূজা চৌহানৰ এই সফলতাত উৎফুল্লিত হৈ পৰে অঞ্চলবাসী ৰাইজ। অসংখ্যজন তেওঁলোকৰ বাসগৃহত উপস্থিত হৈ দুয়োকে জনায় শুভকামনা আৰু শুভেচ্ছা। আমাৰ ফালৰ পৰাও দুয়ো ভগ্নীলৈ থাকিল শুভকামনা।AdvertismentAdvertisment Read the Next Article