Assameseঅসম আগবাঢ়িলে উত্তৰ-পূব আগবাঢ়িব, উত্তৰ-পূব আগবাঢ়িলে দেশ আগবাঢ়িবদুদিনীয়া ভ্ৰমণসূচীসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ আজি দ্বিতীয়টো দিন। আজি অৰ্থাৎ দেওবাৰে কলিয়াবৰৰ মৌচন্দা পথাৰত অনুষ্ঠিত বিশাল জনসভাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। Jyotiprasad Sarma Jan 18, 2026 15:45 ISTঅসম আগবাঢ়িলে উত্তৰ-পূব আগবাঢ়িব Photograph: (DY365)অসম আগবাঢ়িলে উত্তৰ-পূব আগবাঢ়িবউত্তৰ-পূব আগবাঢ়িলে দেশ আগবাঢ়িবদুদিনীয়া ভ্ৰমণসূচীসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ আজি দ্বিতীয়টো দিন। আজি অৰ্থাৎ দেওবাৰে কলিয়াবৰৰ মৌচন্দা পথাৰত অনুষ্ঠিত বিশাল জনসভাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। Advertismentমৌচন্দা পথাৰৰ জনসভাত প্ৰধানমন্ত্ৰীগৰাকীয়ে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীত আওৰাই ভাষণ আৰম্ভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণত উল্লেখ কৰে যে, আপোনালোক ইমানসংখ্যক মানুহে মোক আশীৰ্বাদ দিবলৈ আহিছে, মই কৃতজ্ঞ। আপোনালোকৰ বাবে মোৰ কাজিৰঙালৈ আহিবলৈ সৌভাগ্য হ’ল। শনিবাৰে বাগুৰুম্বা নৃত্যৰ বিশ্ব অভিলেখৰ প্ৰসংগ দাঙি ধৰি মোদীয়ে কয়- বাগুৰুম্বা নৃত্যই মোক মন্ত্ৰমুগ্ধ কৰি তুলিলে। দুবছৰ পূৰ্বে কাজিৰঙাত কটোৱা নিশাটোৰ স্মৃতিও ৰোমন্থন কৰিলে মোদীয়ে। অসমক বীৰ-বীৰাংগনাৰ ভূমি আখ্যা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নহয়, ই অসমৰ আত্মা। কাজিৰঙা অকল ৰাষ্ট্ৰীয় উদ্যানেই, কাজিৰঙা এক অমূল্য ৰত্ন। কাজিৰঙাৰ এলিভেটেড ক’ৰিডৰে অসমবাসীৰ বাবে নতুন সম্ভাৱনা কঢ়িয়াই আনিব। বিজেপিৰ শাসন কালত গঁড় নিধনৰ এটাও ঘটনা পোহৰলৈ অহা নাই। বিজেপি চৰকাৰে অসমক ৫ গুণ অধিক ধন আবণ্টন দিছে। আজিও কলিয়াবৰৰ পৰা ভাৰ্ছুৱেলী দুখনকৈ অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰো। উত্তৰ-পূব এতিয়া দিল্লীৰ নিচেই কাষত। Also Read: কি কি থাকিব কাজিৰঙাৰ এলিভেটেড কৰিড’ৰত?আজি দেশত বিজেপি সকলোৰে প্ৰথম পচন্দ বুলি উল্লেখ কৰি ভাষণৰ মাজতে কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ কয় যে, কংগ্ৰেছৰ নেতিবাচক ৰাজনীতিক জনতাই ওফৰাই দিছে। আজি অসমত বিজেপি চৰকাৰে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ পদক্ষেপ লৈছে। আমাৰ হাবি, সাংস্কৃতিক ঐতিহ্যস্থল বিদেশীৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছো। কংগ্ৰেছে অসমৰ সৈতে কি কৰিলে বুলি উল্লেখ কৰি তেওঁ কয় যে, ভোট বেংকৰ বাবে কংগ্ৰেছে অসমৰ মাটি বিদেশীক চমজালে। কংগ্ৰেছৰ এটাই নীতি-অনুপ্ৰৱেশকাৰীক ৰক্ষা কৰা। গোটেই দেশত কংগ্ৰেছ আৰু মিত্ৰদলে এই কামকে কৰিছে। বিহাৰতো একে কামেই হৈছে, কিন্তু বিহাৰৰ জনতাই হ’বলৈ নিদিলে। অসমৰ মাটিতো কংগ্ৰেছক জনতাই উত্তৰ দিছে। অসম আগবাঢ়িলে উত্তৰ-পূব আগবাঢ়িব, উত্তৰ-পূব আগবাঢ়িলে দেশ আগবাঢ়িব।Also Read: দুই ভগ্নীৰ সাফল্য, পূৰণ হ'ল কৰিশ্মা, পূজাৰ সপোনইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ মাজতে অনুৰাগীয়ে আনিলে মোদীৰ ফটো। SPGক লগে লগে ফটোসমূহ সংগ্ৰহ কৰিবলৈ দিয়ে। ‘লিখি দিয়ক ঠিকনা, মই আপোনালোকলৈ পঠিয়াম চিঠি’ বুলি অনুৰাগীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে ভাষণৰ মাজতে কয়। AdvertismentAdvertisment Read the Next Article