Advertisment

ম’বাইল এপতে বিয়া!

এতিয়াৰে পৰা ক’ৰ্ট মেৰেজ কৰিবলৈ আৰু যাব নালাগিব আদালতলৈ। ঘৰত বহি ম’বাইল এপ খুলি পাতিব পাৰিব বিয়া! চৰকাৰী অফিচত চলিব AI ব্যৱহাৰ কৰি কাম-কাজ। AIৰ যোগেদি পৰিচালিত হ'ব অসম চৰকাৰৰ বিভাগসমূহৰ কাম-কাজসমূহ।

 ম’বাইল এপতে বিয়া! Photograph: (DY365)
ম’বাইল এপতে বিয়া! Photograph: (DY365)

ম’বাইল এপতে বিয়া!


AIৰ যোগেদি পৰিচালিত হ'ব চৰকাৰৰ কাম-কাজ

এতিয়াৰে পৰা ক’ৰ্ট মেৰেজ কৰিবলৈ আৰু যাব নালাগিব আদালতলৈ। ঘৰত বহি ম’বাইল এপ খুলি পাতিব পাৰিব বিয়া! চৰকাৰী অফিচত চলিব AI ব্যৱহাৰ কৰি কাম-কাজ। AIৰ যোগেদি পৰিচালিত হ'ব অসম চৰকাৰৰ বিভাগসমূহৰ কাম-কাজসমূহ।

Advertisment

ৰাজ্যৰ চৰকাৰী কাৰ্যালয়, আদালতৰ কামক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে চৰকাৰী কামক লৈ কেইবাটাও ডাঙৰ খবৰ। এতিয়াৰে পৰা ক’ৰ্ট মেৰেজ কৰিবলৈ আৰু যাব নালাগিব আদালতলৈ। ঘৰত বহি ম’বাইল এপ খুলি পাতিব পাৰিব বিয়া! ভিডিঅ’ৰ জৰিয়তে দণ্ডাধীশ উপস্থিত থাকি পাতি দিব বিয়া। বিবাহযোগ্য ল’ৰা-ছোৱালীয়ে ঘৰৰ পৰাই পাতিব পাৰিব বিয়া। নিৰ্ধাৰিত মাচুল দি ম’বাইল এপত ফৰ্ম পুৰালেই হৈ যাব বিয়া। আজি সোমবাৰে এনেদৰে ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

Also Read: জৰাজীৰ্ণ দলঙেৰে বিপদসংকুল যাত্ৰা ৰাইজৰ

ইফালে অসম চৰকাৰৰ বিভাগসমূহৰ কাম-কাজসমূহকলৈও মুখ্যমন্ত্ৰীয়ে সোমবাৰে ডাঙৰ ঘোষণা কৰে। চৰকাৰী কৰ্মচাৰীয়ে ফাঁকি দিব নোৱাৰিব চৰকাৰী কামত। চৰকাৰী অফিচত চলিব AI ব্যৱহাৰ কৰি কাম-কাজ। AIৰ যোগেদি পৰিচালিত হ'ব অসম চৰকাৰৰ বিভাগসমূহৰ কাম-কাজসমূহ। AI Governanceৰ যোগেদি চৰকাৰী কাম-কাজসমূহ সহজতে, কম সময়তে সম্পন্ন কৰিব পৰা যাব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰৰ ক্ষেত্ৰত যথোপযুক্ত পৰিকল্পনা যুগুত কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

ৰাজ্যত ফ্লেট বা মাটিৰ ক্ৰয়ৰ ক্ষেত্ৰত পঞ্জীয়ন কৰাৰ বাবে এপ মুকলি কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। কাৰ্যালয়লৈ নোযোৱাকৈয়ে ঘৰতে থাকি পঞ্জীয়ন কৰিব পাৰিব আবেদনকাৰীয়ে। অহা বছৰৰ ভিতৰত এই এপ মুকলি কৰাৰ বাবে মুখ্য সচিবক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। প্ৰথম অৱস্থাত ফ্লেটৰ পৰা এই নিয়ম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই ক্ষেত্ৰত AI ব্যৱহাৰ কৰাৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ।

Also Read: আইন-কানুনতকৈ আৰক্ষী ঊৰ্ধ্বত নহয়, আৰক্ষীৰ বিৰুদ্ধে কঠোৰ উচ্চ ন্যায়ালয়

ঠিকাৰ প্ৰাককলন প্ৰস্তুতত ব্যৱহাৰ হ’ব AI এপ। ৰাজ্যত পথ নিৰ্মাণত অভিযন্তাই দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰে খোদ মুখ্যমন্ত্ৰীয়ে। লোকনিৰ্মাণ বিভাগৰ একাংশ অভিযন্তাই কোনো এটা পথ নিৰ্মাণৰ ক্ষেত্ৰত অধিক Estimate দেখুৱাই বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ২ কোটি টকাৰ পথ নিৰ্মাণৰ বাবে ৬-৭ কোটি টকাৰ estimate প্ৰস্তুত কৰি দিয়াৰ অভিযোগ অভিযন্তাৰ বিৰুদ্ধে। এইসমূহ ৰোধ কৰাৰ বাবে AI ব্যৱহাৰ কৰাৰ পৰামৰ্শ মুখ্যমন্ত্ৰীগৰাকীৰ। AIৰ নজৰত থাকিলে কোনেও অধিক বিল প্ৰস্তুত কৰিব নোৱাৰিব বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অভিযন্তাই ইচ্ছামতে বৃদ্ধি কৰিব নোৱাৰিব পুঁজি। 

Advertisment
Advertisment