Advertisment

জুবিনৰ মৃত্যুৰ পাছত অসম, ভৱিষ্যৎ আৰু সম্ভাৱনা...

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ পিছত সমগ্ৰ অসম শোকস্তব্ধ হৈ পৰিছে। তেওঁৰ মৃত্যুক লৈ ৰাজ্যজুৰি বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে আৰু এক বিশেষ তদন্তকাৰী দল SIT-এ জুবিনৰ মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে।

 জুবিনৰ মৃত্যুৰ পাছত অসম আৰু ভৱিষ্যৎ Photograph: (DY365)
জুবিনৰ মৃত্যুৰ পাছত অসম আৰু ভৱিষ্যৎ Photograph: (DY365)

জুবিনৰ মৃত্যুৰ পাছত অসম আৰু অসমীয়াৰ ভৱিষ্যৎ...

জনপ্ৰিয়কণ্ঠশিল্পীজুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ পিছত সমগ্ৰ অসম শোকস্তব্ধ হৈ পৰিছে। ১৯ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে ছিংগাপুৰৰ সাগৰত সাঁতুৰি থকা অৱস্থাত হঠাৎ অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ। যদিও তেওঁক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল, তথাপি জুবিনক চিকিৎসকে ৰক্ষা কৰিব নোৱাৰিলে। জুবিনৰ মৃত্যুক লৈ ৰাজ্যজুৰি বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে আৰু CIDৰ এক বিশেষ তদন্তকাৰী দল SIT-এ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত কেইজনমান লোকৰ বাসভৱনতো আৰক্ষীয়ে অভিযান চলাইছে।

Advertisment

জুবিন গাৰ্গ কেৱল এজন কণ্ঠশিল্পী নাছিল, তেওঁ আছিল সংগীত পৰিচালক, গীতিকাৰ, ছবি পৰিচালক আৰু অভিনেতা। তেওঁৰ সংগীত কেৱল অসমতেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু ভাৰতৰ আন ৰাজ্যতো জনপ্ৰিয় আছিল। তেওঁ আধুনিক অসমীয়া সংগীতক এক নতুন মাত্ৰা প্ৰদান কৰিছিল আৰু অসমৰ বহুকেইটা প্ৰজন্মক অসমীয়া গানৰ প্ৰতি আকৰ্ষিত কৰাইছিল। তেওঁৰ মৃত্যুৱে অসমৰ সাংস্কৃতিক জগত শূন্য কৰি পেলাইছে। 

জুবিন গাৰ্গে তেওঁৰ সংগীতৰ যোগেদি অসমীয়া সমাজৰ বিভিন্ন দিশসমূহৰ প্ৰতিফলন ঘটাইছিল। তেওঁৰ গানবোৰত কেৱল প্ৰেম বা বিৰহৰ কথা নাছিল, তাত আছিল অসমৰ মাটিৰ গোন্ধ, ইয়াৰ ভাষা, সংস্কৃতি আৰু মানুহৰ কথা। তেওঁৰ বহু গানে সামাজিক আৰু ৰাজনৈতিক বিষয়সমূহকো স্পৰ্শ কৰিছিল, যাৰ বাবে তেওঁ এজন শিল্পীৰ লগতে এজন সমাজ সচেতন ব্যক্তি হিচাপেও পৰিচিত আছিল। বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত তেওঁৰ ব্যাপক প্ৰভাৱ আছিল আৰু তেওঁৰ গীতবোৰে তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ এক মাধ্যম হৈ পৰিছিল।

জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অসমৰ সংগীতৰ ভৱিষ্যতক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে। কিন্তু এইটোও সত্য যে তেওঁ বহুতো নতুন শিল্পীক অনুপ্ৰাণিত কৰিছিল আৰু তেওঁৰ সুৰ আৰু গীতবোৰ চিৰদিন জনসাধাৰণৰ মাজত জীয়াই থাকিব। তেওঁৰ এই বিশাল সৃষ্টিৰাজিক আগুৱাই নিবলৈ আগন্তুক প্ৰজন্মৰ শিল্পীসকলে এতিয়া এক গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰিব লাগিব। জুবিন গাৰ্গে গঢ়ি থৈ যোৱা অসমীয়া সংগীতৰ ভেটিত ভৱিষ্যতে কোনবোৰ নতুন ধাৰাই গা কৰি উঠিব, সেয়াসময়তহে স্পষ্ট হ’ব।

বৰ্তমান জুবিন গাৰ্গে গোৱা , সংগীত পৰিচালনা কৰা আৰু লিখা গীত সমুহ জুবিন সংগীতৰ নাম দিবলৈ বহুত দল সংগঠনে দাবী জনাইছেইয়াৰ উপৰি জুবিন গাৰ্গৰ পবিত্ৰ সোঁৱৰণত ডিব্ৰুগড়বিশ্ববিদ্যালয়ে প্ৰদান কৰিব 'জুবিন গাৰ্গ সোঁৱৰণি শ্ৰেষ্ঠ গায়কবঁ‌টা'। অনুষ্ঠিত কৰিব 'জুবিন সংগীত' প্ৰতিযোগিতাডিব্ৰুগড়বিশ্ববিদ্যালয়আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত প্ৰদান কৰা হ'ব এই বঁটা।