Assameseকোকৰাঝাৰত ভয়াৱহ পৰিস্থিতিঅধিক অৱনতি ঘটিছে কোকৰাঝাৰৰ পৰিস্থিতি। কাৰিগাঁও আৰক্ষী চকীত বলপূৰ্বক প্ৰৱেশ প্ৰতিবাদকাৰীৰ। আৰক্ষী চকীৰ গেট ভাঙি দলে দলে লোকৰ প্ৰৱেশ। নিশা দুৰ্ঘটনাক কেন্দ্ৰ কৰি সূত্ৰপাত হোৱা সংঘৰ্ষৰ পাছত আজি পুনৰ উত্তেজনা। Jyotiprasad Sarma Jan 20, 2026 13:11 ISTকোকৰাঝাৰত ভয়াৱহ পৰিস্থিতি Photograph: (DY365)কোকৰাঝাৰত ভয়াৱহ পৰিস্থিতিঅধিক অৱনতি ঘটিছে কোকৰাঝাৰৰ পৰিস্থিতি। কাৰিগাঁও আৰক্ষী চকীত বলপূৰ্বক প্ৰৱেশ প্ৰতিবাদকাৰীৰ। আৰক্ষী চকীৰ গেট ভাঙি দলে দলে লোকৰ প্ৰৱেশ। নিশা দুৰ্ঘটনাক কেন্দ্ৰ কৰি সূত্ৰপাত হোৱা সংঘৰ্ষৰ পাছত আজি পুনৰ উত্তেজনা। AdvertismentAlso Read: পথৰ দুৰাৱস্থাই জলা-কলা খুৱাইছে ৰাইজকপুৱাৰে পৰা কোকৰাঝাৰৰ কাৰিগাঁৱত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। আৰক্ষীয়ে আটক কৰা লোকক বিচাৰি একাংশই সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। কাৰিগাঁও ৰাষ্ট্ৰীয় ঘাইপথত ৰাইজৰ উত্তাল প্ৰতিবাদ। কাৰিগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে শ শ লোকে। একাংশ উত্তেজিত লোকে জ্বলাই দিলে বীৰছা কমাণ্ড ফ'ৰ্চৰ দুটাকৈ অস্থায়ী শিবিৰ। কাৰিগাঁও আৰক্ষী চকী ঘেৰাও প্ৰতিবাদকাৰীৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলীচালনা। পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ হোৱাত ঘটনাস্থলীত মোতায়েন কৰা হয় বৃহৎ সংখ্যক আৰক্ষী। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা। কাইলৈ বিটিচি বন্ধৰ হুংকাৰ দিছে প্ৰতিবাদকাৰী লোকসকলে। ন্যায় নোপোৱালৈকে প্ৰতিবাদ অব্যাহত থাকিব বুলিও হুংকাৰ প্ৰতিবাদকাৰীৰ।ইফালে কোকৰাঝাৰৰ পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ডাভোছৰ পৰাই আৰক্ষী সঞ্চালকপ্ৰধানলৈ ফোন মুখ্যমন্ত্ৰীৰ। ফোনযোগে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সকলো ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। Also Read: বিজেপিয়ে পালে কনিষ্ঠতম ৰাষ্ট্ৰীয় সভাপতিউল্লেখযোগ্য যে, সোমাবাৰে কাৰিগাঁও আৰক্ষী চকীৰ পৰা মাথোঁ ১-১.৫ কিলোমিটাৰ নিলগৰ গৌৰনগৰত এক ভয়াৱহ ঘটনা সংঘটিত হৈছিল। এক দুৰ্ঘটনাক কেন্দ্ৰ কৰি এদল উত্তেজিত লোকে মৰিয়াই হত্যা কৰিছিল চিকনা জৌহালৌও বিস্মিত নামৰ এজন যুৱকক। নিহত যুৱকজন অঞ্চলটোত পথ নিৰ্মাণৰ কামত জড়িত থকা ঠিকাদাৰ বৰোন্দা বসুমতাৰীৰ জোঁৱাই আছিল৷ ঘটনাত যুগিৰাজ ব্ৰহ্ম, প্ৰভাত ব্ৰহ্মসহ কেইবাজনো লোক আহত হয়। তদুপৰি ঘটনাস্থলীত এখন স্কৰপিঅ' বাহনো জ্বলাই দিয়ে একাংশ উত্তেজিত লোকে। অৱশ্যে আৰক্ষীয়ে ঘটনাৰে জড়িত থকাৰ অভিযোগত ২৯গৰাকী লোকক আটক কৰিছে। সোমবাৰে সংঘটিত ভয়ংকৰ ঘটনাক লৈ বৰ্তমানেও পৰিস্থিতি উত্তপ্ত হৈ আছে।AdvertismentAdvertisment Read the Next Article