Assameseচৰকাৰী কৰ্মচাৰীয়ে ল’ব পাৰিব Advance Salaryসোমবাৰে চৰকাৰী চাকৰিয়ালৰ বাবে সুখবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী কৰ্মচাৰীয়ে এতিয়াৰে পৰা ল’ব পাৰিব Advance Salary। স্বাগত সতীৰ্থ প'ৰ্টেল ২.০ৰ জৰিয়তে পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে বদলিৰ বাবে আবেদন কৰিব পাৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে।Jyotiprasad Sarma Feb 02, 2026 18:33 ISTচৰকাৰী কৰ্মচাৰীয়ে ল’ব পাৰিব Advance Salary Photograph: (DY365)চৰকাৰী কৰ্মচাৰীয়ে ল’ব পাৰিব Advance Salaryতৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে কি সুখবৰ?সোমবাৰে চৰকাৰী চাকৰিয়ালৰ বাবে সুখবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী কৰ্মচাৰীয়ে এতিয়াৰে পৰা ল’ব পাৰিব Advance Salary। স্বাগত সতীৰ্থ প'ৰ্টেল ২.০ৰ জৰিয়তে পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে বদলিৰ বাবে আবেদন কৰিব পাৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে।Advertismentসোমবাৰে চৰকাৰী চাকৰিয়ালৰ বাবে সুখবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী কৰ্মচাৰীয়ে এতিয়াৰে পৰা ল’ব পাৰিব Advance Salary। প্ৰয়োজনত চৰকাৰী কৰ্মচাৰীয়ে ল’ব পাৰিব আগতীয়া ধন। ন্যূনতম সুদত বেংকৰ পৰা ল’ব পাৰিব ধন। চৰকাৰী কৰ্মচাৰীয়ে নিজৰ সুবিধামতেই কিস্তি অনুযায়ী পৰিশোধ কৰিব পাৰিব ধন। এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। Also Read: ম’বাইল এপতে বিয়া!ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে সুখবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে মুকলি কৰা স্বাগত সতীৰ্থ প'ৰ্টেল ২.০ৰ জৰিয়তে পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে বদলিৰ বাবে আবেদন কৰিব পাৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে। সোমবাৰে স্বাগত সতীৰ্থ প'ৰ্টেল ২.০ মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে বদলিৰ বাবে আবেদন কৰিব পাৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলে। গুৱাহাটীৰ লোকসেৱা ভৱনত সোমবাৰে মুখ্যমন্ত্ৰীয়ে মুকলি কৰা স্বাগত সতীৰ্থ প'ৰ্টেল ২.০ৰ জৰিয়তে বদলিৰ বাবে আৱেদনৰ সময়ত ৫ খন জিলা নিৰ্বাচিত কৰিব পাৰিব কৰ্মচাৰীসকলে। ৩১ মাৰ্চৰ পূৰ্বেই সম্পন্ন কৰা হ'ব স্বাগত সতীৰ্থ পৰ্টেল 2.0 ৰ বদলিৰ কাম। ১৫ দিনৰ ভিতৰত সকলো কৰ্মচাৰীৰ online আবেদনৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৭ মাৰ্চৰ পূৰ্বে সকলো বিভাগীয় কাম সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। ১ এপ্ৰিলৰ পৰা নতুন কৰ্মস্থানত যোগদান কৰিব লাগিব বদলি হোৱা কৰ্মচাৰীয়ে। পূৰ্বে সুবিধা লোৱা কৰ্মচাৰীয়ে স্বাগত সতীৰ্থ পৰ্টেল 2.0ৰ জৰিয়তে বদলিৰ সুবিধা লাভ নকৰিব। Also Read: অসমীয়াৰ হেৰুওৱা পৰিচয় উদ্ধাৰৰ বাবে পৰাক্ৰমেৰে যুঁজিম- মুখ্যমন্ত্ৰীইফালে ৰাজ্য চৰকাৰৰ শ্ৰদ্ধাঞ্জলি আঁচনিৰ সফলতাৰ কথাও উল্লেখ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বহি:ৰাজ্যত মৃত্যুমুখত পৰা অসমৰ শিক্ষাৰ্থী, কৰ্মৰত লোকৰ মৃতদেহ অসমলৈ ওভতাই অনাৰ বাবে লোৱা হৈছিল এই আঁচনি। ইতিমধ্যে ছেপ্টেম্বৰ মাহৰ পৰা ফ্ৰেব্ৰুৱাৰী মাহলৈ ১৬২টা মৃতদেহ স-সন্মানেৰে বহি:ৰাজ্যৰ পৰা ঘূৰাই অনা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্য চৰকাৰৰ শ্ৰদ্ধাঞ্জলি আঁচনিৰ ফলত আৰ্থিক অনাটনত ভোগা লোকসকল যথেষ্ট উপকৃত হোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।AdvertismentAdvertisment Read the Next Article