Advertisment

কাইলৈ বৰ্ষাপাৰাত হাইভল্টেজ T20 মেচ

কাইলৈ বৰ্ষাপাৰাত ভাৰত বনাম নিউজীলেণ্ডৰ তৃতীয়খন T20 মেচ। T 20 শৃংখলাৰ তৃতীয় মেচৰ বাবে গুৱাহাটীত উপস্থিত দুয়োটা দল। পাঁচখনীয়া শৃংখলাত ইতিমধ্যে ২-০ ব্যৱধানত অগ্ৰগতি সূৰ্য বাহিনীৰ। 

 কাইলৈ বৰ্ষাপাৰাত হাইভল্টেজ T20 মেচ Photograph: (DY365)
কাইলৈ বৰ্ষাপাৰাত হাইভল্টেজ T20 মেচ Photograph: (DY365)

কাইলৈ বৰ্ষাপাৰাত হাইভল্টেজ T20 মেচ

কাইলৈ বৰ্ষাপাৰাত ভাৰত বনাম নিউজীলেণ্ডৰ তৃতীয়খন T20 মেচ। T 20 শৃংখলাৰ তৃতীয় মেচৰ বাবে গুৱাহাটীত উপস্থিত দুয়োটা দল। পাঁচখনীয়া শৃংখলাত ইতিমধ্যে ২-০ ব্যৱধানত অগ্ৰগতি সূৰ্য বাহিনীৰ। 

Advertisment

গুৱাহাটীত উপস্থিত ভাৰত আৰু নিউজীলেণ্ডৰ ক্ৰিকেট দল। গুৱাহাটী বিমানবন্দৰত টীম ইণ্ডিয়া আৰু নিউজীলেণ্ডৰ ক্ৰিকেট দলে চাৰ্টাৰ্ড বিমানেৰে অৱতৰণ কৰে। বিমানবন্দৰত উপস্থিত ক্ৰিকেট অনুৰাগীয়ে হৰ্ষোল্লাসেৰে উষ্ম আদৰণি জনালে দুয়োটা দলৰ খেলুৱৈসকলক। বিমানবন্দৰৰ পৰা পোনে পোনে হোটেল ৰেডিছন ব্লুলৈ ৰাওনা হয় দুয়োটা দলৰ খেলুৱৈসকল। আজি নিশাটো হোটেল ৰেডিছন ব্লুত কটাব ভাৰত-নিউজীলেণ্ডৰ ক্ৰিকেটাৰে। 

কাইলৈ অৰ্থাৎ দেওবাৰে বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব ভাৰত আৰু নিউজীলেণ্ডৰ তৃতীয় T 20। ইতিমধ্যে বৰ্ষাপাৰা T 20ৰ সকলো টিকট বিক্ৰী হোৱা বুলি ৰাজহুৱা কৰিছে ACAএ।

Also Read: মিঞাক লৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শুকুৰবাৰে ৰায়পুৰত ভাৰতৰ ক্ৰিকেট বিক্ৰমত ধৰাশায়ী হয় কিৱি বাহিনী। ২০৯ ৰানৰ বিশাল লক্ষ্য হেলাৰঙে অতিক্ৰম কৰে মেন ইন ব্লুৱে। ঈশান কিষাণ, অধিনায়ক সূৰ্য কুমাৰ যাদৱ, শিৱম ডুবেৰ বেটিং ধুমুহাত বিধ্বস্ত হয় নিউজীলেণ্ড।মাত্ৰ ৯২টা বলতে ২০৯ ৰানৰ লক্ষ্য ৩ উইকেট হেৰুৱাই অতিক্ৰম কৰে ভাৰতীয় ক্ৰিকেট দলে। 

Also Read: জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ

কাইলৈৰ খেলৰ বাবে যান-বাহন আৰক্ষীৰ পথ নিৰ্দেশনা। পথ নিৰ্দেশনা সন্দৰ্ভত যান-বাহন আৰক্ষীৰ সংবাদমেল সম্বোধন। কেইবাটাও পথত যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে। কি কি সময়ত কোনকেইটা পথ খোলা থাকিব...

কাইলৈ বিয়লি ২ বজাৰ পৰা গুৱাহাটীৰ বহু পথত যাতায়াতৰ ক্ষেত্ৰত নিৰ্দেশনা
এ কে দেৱ ৰোড, এ কে আজাদ কুল শইকীয়া পথত বাণিজ্যিক বাহনৰ প্ৰৱেশ নিষিদ্ধ
VIP CAR PASS থকাসকলে কুল বসুমতাৰী পথৰে প্ৰৱেশ কৰিব লাগিব
লালগণেশৰ পৰা বিৰুবাৰীলৈ পথচোৱা হ’ব One way
বিৰুবাৰী দিশৰ পৰা লালগণেশলৈ যোৱা বাহন চাইকেল ফেক্টৰীৰে যাব লাগিব
জৰুৰীকালীন সেৱাত নিয়োগ থকা বাহনৰ ক্ষেত্ৰত নাথাকিব নিষেধাজ্ঞা
স্থানীয় লোকৰ প্ৰৱেশৰ বাবে বিশেষ ব্যৱস্থা যান-বাহন আৰক্ষীৰ
কাইলৈ অঞ্চলটোৰ বাসিন্দায়ো ৰাজপথত কোনো বাহন ৰখাব নোৱাৰিব 
AK আজাদ পথেৰে অহা বাহন বিশাল মেৰেজ, ৰোলিং ফিল্ডত ৰখাব পাৰিব
আৰ্যবিদ্যাপীঠ মহাবিদ্যালয়ৰ খেলপথাৰতো পাৰ্কিং কৰিব পাৰিব
মোবাইল ফোন আৰু মানিবেগৰ বাহিৰে কোনো সামগ্ৰী ভিতৰলৈ নিব নোৱাৰিব
৪ বজাত বৰ্ষাপাৰা ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰ দৰ্শকৰ বাবে খুলি দিয়া হ’ব

Advertisment
Advertisment